সাৱধানঃ চাইক্ল’ন বুৰেৱিৰ তাণ্ডৱ! ৩ ডিচেম্বৰত ৰেড এলাৰ্ট জাৰি

0
657
সামুদ্ৰিক ঘুৰ্ণি বতাহকলৈ ওড়িশাত সতৰ্কতা জাৰি, ১৮ খন জিলালৈ সষ্টম হৈ থকাৰ নিৰ্দেশ
প্ৰতিকী ফটো

সাৱধান হওক! চাইক্ল’ন নিৱাৰৰ পাছত এতিয়া বুৰেৱি ঘুৰ্ণীবতাহৰ তাণ্ডৱ।

ভাৰতীয়ে বতৰ বিজ্ঞানে শেহতীয়া প্ৰকাশ কৰা অনুসৰি এই ভয়ংকৰ ঘূৰ্ণীবতাহে তামিলনাডীৰ সাগৰৰ তীৰৰ পাৰত ৩ ডিচেম্বৰৰ ভিতৰত খুন্দিয়াব পাৰে। সেইবাবে ৰাজ্যবাসীৰ সুৰক্ষাৰ্থে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ৩ ডিচেম্বৰত তামিলনাডু আৰু দক্ষিণ কেৰেলাত ৰেড এলাৰ্ট জাৰি কৰিছে।

বতৰ বিজ্ঞান বিভাগৰ অনুসৰি বুৰেৱি নিৱাৰতকৈও বিপদজনক। এই ঘূৰ্ণীবতাহৰ প্ৰভাৱত কেৰেলাত প্ৰবল বৃষ্টিপাতৰ আশংকা আছে বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

উল্লেখ্য যে তামিলনাডুত হাহাকাৰ সৃষ্টি কৰা একেটা সপ্তাহতে এইটো দ্বিতীয়টো ঘূৰ্ণীবতাহ হ’ব। এই ঘূৰ্ণীবতাহ ৭৫-৮৫ কিলোমিটাৰ গতিবেগেৰে প্ৰতিঘণ্টাত ৯৫ কিলোমিটাৰ অতিক্ৰম কৰিব।