
পশ্চিম বংগত খুন্দা মাৰিলে আমফানে। বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি এই ঘূৰ্ণী বতাহ প্ৰতিঘণ্টাত ১৫০ৰ পৰা ২০০ কিঃমিঃ বেগত বলিছে। কলকাতাত প্ৰচণ্ড ধুমুহাৰ ফলত যথেষ্ট ক্ষয়-ক্ষতি হয়। কেইবাখনো স্থানত ক্ষতিগ্ৰস্ত হৈছে বহুকেইখন বাহন। বাগৰি পৰিছে বিদ্যুতৰ খুঁটা। ধুমুহাৰ ফলত উত্তৰ পৰগণা জিলাত এগৰাকী মহিলাই প্ৰাণ হেৰুৱাই। ইফালে হাওৰাত এটি ১৩ বছৰীয়া শিশুৰ মৃত্যু হয়।
আনহাতে বাংলাদেশত ঘূৰ্ণী বতাহ উম্পুণ অহাৰ পূৰ্বে ২০ লাখতকৈ অধিক লোকক সুৰক্ষিত স্থানলৈ প্ৰেৰণ কৰা হৈছে আৰু এই প্ৰাকৃতিক দুৰ্যোগত হ’বলগীয়া ঘটনাসমূহৰ সৈতে যুঁজিবলৈ সেনা নিয়োগ কৰা হৈছে।
ইতিমধ্যে দীঘা আৰু কলকাতাত আৰম্ভ হৈছে প্ৰচণ্ড ধুমুহা। ওড়িশাৰ উপকূলীয় অঞ্চলৰ পৰা বাংলাদেশৰ উপকূলীয় অঞ্চললৈ ইয়াৰ প্ৰভাৱ পৰিছে। ১৯৯৯ চনৰ ছুপাৰ চাইক্লনৰ পিছত সকলোতকৈ ডাঙৰ ছুপাৰ চাইক্লন আমফান। ঘণ্টাত ১৬৫ কিঃমিঃ বেগেৰে ঘূৰ্ণীবতাহ বলিছে উপকূলীয় অঞ্চলসমূহত।
Photo credit: www.abplive.com