সাৱধান! দুষ্ট চক্ৰৰ ভয়ংকৰ জাল, টেট পৰীক্ষাৰ্থীলৈ অচিনাকী নম্বৰৰ‌ পৰা মেচেজ, পিছত…

0
3048
সাৱধান! দুষ্ট চক্ৰৰ ভয়ংকৰ জাল, টেট পৰীক্ষাৰ্থীলৈ অচিনাকী নম্বৰৰ‌ পৰা

টেট পৰীক্ষাক কেন্দ্ৰ কৰি দৰঙত দুষ্টচক্ৰৰ ভয়ংকৰ চাইবাৰ জাল।

টেট পৰীক্ষাত অৱতীৰ্ণ একাংশ প্ৰাৰ্থীৰ মোবাইলে মোবাইলে অচিনাকী নম্বৰৰ পৰা হোৱাটছএপত মেছেজ পঠিয়াই ধনৰ বিনিময়ত পৰীক্ষা উৰ্ত্তীণ কৰি দিয়াৰ প্ৰলোভন দুষ্ট চক্ৰটোৰ।

বিগত ৩১ অক্টোবৰত অনুষ্ঠিত হৈ যোৱা টেট পৰীক্ষাত অৱতীৰ্ণ দৰঙৰ একাংশ প্ৰাৰ্থীৰ মোবাইলত এই দুষ্ট চক্ৰটোৱে প্ৰেৰণ কৰিছে এক বিশেষ লিংক লগতে পৰীক্ষাৰ নম্বৰ অধিক কৰি দিয়াৰ প্ৰলোভন ৷বিনিময়ত চক্ৰটোক আদায় দিব লাগিব নগদ ধন৷

ঘটনা সন্দৰ্ভত চিন্তিত হৈ পৰিছে টেট অৱতীৰ্ণ প্ৰাৰ্থী সকল ৷

ইপিনে দুষ্ট চক্ৰটোক প্ৰাৰ্থী সমুহৰ মোবাইল নম্বৰ গোপনে যোগান ধৰা কাৰ্যত বিভাগীয় কোনো লোক জড়িত আছে নেকি সেয়া এক ডাঙৰ প্ৰশ্ন ৷

সততে শূণ্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ঘটনাটোৰ বিষয়ে উচিত তদন্ত কৰি বিহীত ব্যৱস্হা গ্ৰহন কৰিবলৈ অনুৰোধ জনাইছে প্ৰাৰ্থী সকলে।

ইনপুট: কিশোৰ কলিতা

আৰু পঢ়ক : ৩ খন‌ কৃষি আইন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ, আন্দোলন‌ এৰি কৃষক সকলক উভতাৰ আহ্বান মোদীৰ