31 C
Guwahati
Thursday, September 29, 2022
More

    আজি কমনৱেল্থত ভাৰতে পাব প্ৰথমটো পদক? লাভলীনাও নামিব ৰিঙত

    ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত হৈ থকা ২২ সংখ্যক কমনৱেল্থ গেমছৰ আজি (৩০ জুলাই) দ্বিতীয় দিন। দ্বিতীয় দিনটোত আজি ভাৰতে লাভ কৰিব পাৰে প্ৰথমটো পদক।

    পদক অহাৰ পূৰ্ণ সম্ভাৱনা আছে ডিফেণ্ডিং চেম্পিয়ন ভাৰোত্তোলনকাৰী মিৰাবাঈ চানুৰ পৰা। আজি তেওঁৰ খেল ভাৰতীয় সময় অনুসৰি নিশা আঠ বজাত আছে।

    চানুৱে ৪৯ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

    অলিম্পিকৰ পদক বিজয়ী মিৰাবাঈৰ উপৰি দ্বিতীয় দিনা আন এগৰাকী অলিম্পিক পদক জয়ী খেলুৱৈৰ ওপৰতো দৃষ্টি নিৱদ্ধ থাকিব দেশবাসীৰ।

    সেই খেলুৱৈগৰাকী হৈছে বক্সাৰ লাভলীনা বৰগোহাঁই। আজি তেওঁ বক্সিং ৰিঙত নিউজিলেণ্ডৰ খেলুৱৈৰ মুখামুখি হ’ব।

    আনহাতে দ্বিতীয় দিনা ভাৰতে হকী, বেডমিণ্টন, বক্সিং, সাঁতোৰকে ধৰি মুঠ ১০টা খেলত অংশগ্ৰহণ কৰিব।

    ইফালে অসমৰ পৰা যোৱা তানিয়া চৌধুৰীয়েও আজি মহিলা একক লন বল প্ৰতিযোগিতাত ভাগ ল’ব।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং