কমনৱেল্থত ইতিহাস ভাৰতীয় মহিলা লন বল দলৰ; স্বৰ্ণ জয় নয়নমণি শইকীয়াৰ

0
439

ইংলেণ্ডৰ বাৰ্মিংহামত চলি থকা কমনৱেল্থ গেমছৰ পৰা অসমলৈ আহিল এক অতি আনন্দৰ খবৰ। লন বলত ভাৰতীয় মহিলা দলে স্বৰ্ণ পদক জয় কৰি ইতিহাস ৰচিবলৈ সক্ষম হৈছে।

আটাইতকৈ সুখৰ খবৰ এয়াই যে চাৰিজনীয়া ভাৰতীয় মহিলা দলটোৰ অন্যতম সদস্য আছিল অসমৰ নয়নমণি শইকীয়া।

ফাইনেল মেচখনত ভাৰতে দক্ষিণ আফ্ৰিকাক ১৭-১০ ৰ ব্যৱধানত পৰাস্ত কৰে।

গোলাঘাট জিলাৰ সৰুপথাৰৰ নয়নমণি শইকীয়াৰ এই কৃতিত্বত তেওঁৰ ঘৰৰ লগতে সমগ্ৰ অসমতে আনন্দৰ জোঁৱাৰ উঠিছে।

নয়নমণি শইকীয়াৰ উপৰি এই চাৰিজনীয়া দলটোৰ আন সদস্য কেইগৰাকী ক্ৰমে লাভলী চৌবে (যিয়ে দলটো নেতৃত্ব দিছে), পিংকি সিং আৰু ৰূপা ৰাণী তিৰ্কী।

উল্লেখ্য যে, সোমবাৰে ছেমি ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰাৰ পিছতে পদক নিশ্চিত হৈছিল ভাৰতৰ। কমনৱেল্থ গেমছত লন বলত ভাৰতৰ এইটো প্ৰথম পদক।