31 C
Guwahati
Thursday, September 29, 2022
More

    মহিলাৰ ৪x৪০০ মিটাৰ ৰিলেৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ; পদক লাভৰ সম্ভাৱনা হিমাৰ

    হিমা দাস আৰু ডুটি চান্দকে ধৰি তাৰকাৰে ভৰা ভাৰতীয় মহিলাৰ ৪x৪০০ মিটাৰ ৰিলে দলে নিজৰ হিটছত দ্বিতীয় স্থান দখল কৰি প্ৰতিযোগিতাখনৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে।

    প্ৰতিযোগিতাৰ ফাইনেল মেচখন দেওবাৰে অনুষ্ঠিত হ’ব।

    মহিলাৰ ৰিলে দলটোত হিমা দাস, ডুটি চান্দৰ উপৰি আছিল শ্ৰৱানী নন্দা আৰু জ্যোতি য়াৰাজি।

    ভাৰতীয় মহিলা দলটোৱে হিটছত ৪৪.৪৫ ছেকেণ্ড সময়মানৰ সৈতে দ্বিতীয় স্থানত থাকি ফাইনেললৈ যোগ্যতা অৰ্জন কৰে।

    হিটছৰ প্ৰথম স্থানত থাকে জামাইকা।

    উল্লেখ্য যে, কমনৱেল্থ গেমছৰ ২০০ মিটাৰ দৌৰৰ ফাইনেলত স্থান নিশ্চিত কৰিব নোৱাৰা হিমাই দলীয় শাখাত পদক জয় কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে অনুৰাগীসকলে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং