ইংলেণ্ডৰ বাৰ্মিংহামত চলি থকা কমনৱেল্থ গেমছত আজি ট্ৰেকত নামিব ধিং এক্সপ্ৰেছখ্যাত হিমা দাস। যুৱ এথলীটগৰাকীয়ে ২০০ মিটাৰ দৌৰত অংশ ল’ব।
বিয়লি ৩ বজাত অনুষ্ঠিত হ’ব হিমা দাসৰ খেল। দেশবাসীৰ দৃষ্টি নিবদ্ধ থাকিব ধিং এক্সপ্ৰেছ হিমা দাসৰ ওপৰত।
অলিম্পিক পদকজয়ী লাভলীনা বৰগোহাঁইয়ে আশাহত কৰাৰ পিছত হিমাৰ পৰা এটা পদক আহিব বুলি এতিয়া অসমবাসীৰ লগতে সমগ্ৰ দেশবাসীয়ে আশা কৰিছে।
উল্লেখ্য যে, বুধবাৰে নিশা মহিলাৰ ৭০ কিলোগ্ৰাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হৈছিল লাভলীনা। ৱেলছৰ বক্সাৰ ৰ’জি একলেচৰ হাতত ২-৩ ব্যৱধান পৰাস্ত হৈছিল।
ইফালে আজি পদক নিশ্চিত কৰাৰ উদ্দেশ্যেৰে ৰিঙত নামিব বক্সাৰ অমিত পাংঘাল।