বিমান বন্দৰত প্ৰায় ২০ কোটি টকাৰ বিলুপ্তপ্ৰায় কাছ জব্দ, গোপনে নিব বিচাৰিছিল মালয়েছিয়ালৈ

0
298
প্ৰায় ২০ কোটি টকাৰ বিলুপ্তপ্ৰায় কাছ জব্দ, গোপনে নিব বিচাৰিছিল মালয়েছিয়ালৈ

বিমান বন্দৰত প্ৰায় ২০ কোটি টকাৰ বিলুপ্তপ্ৰায় কাছ জব্দ, গোপনে নিব বিচাৰিছিল মালয়েছিয়ালৈ

দেশৰ বিমান বন্দৰসমূহত অবৈধভাৱে সোণ, ড্ৰাগছৰ চোৰাং সৰবৰাহৰ ঘটনা প্ৰায়ে সংঘটিত হৈ আহিছে। সৰবৰাহকাৰীয়ে বিভিন্ন সময়ত শুল্ক বিভাগৰ চকুত ধূলি দি আন আন আপত্তিজনক সামগ্ৰীও বিদেশলৈ লৈ যোৱা পৰিলক্ষিত হয়।

শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে চেন্নাই এয়াৰ কাৰ্গোৰ পৰা।

শুল্ক বিভাগৰ দলে ১৩৬৪ টা কাছ উদ্ধাৰ কৰিছে। এই বিলুপ্তপ্ৰায় কাছবোৰ গোপনে মালয়েছিয়ালৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল।

এই প্ৰজাতিবোৰক ইতিমধ্যে বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২-ৰ অধীনত সুৰক্ষিত প্ৰজাতি বুলি ঘোষণা কৰি থোৱা হৈছে।

জব্দকৃত কাছবোৰৰ মূল্য আন্তৰ্জাতিক বজাৰত প্ৰায় ২০ কোটি বুলি অনুমান কৰা হৈছে।

শুল্ক বিভাগৰ দিল্লীৰ মুখ্য কাৰ্যালয়ৰ মুখপাত্ৰ এজনে কয় যে চেন্নাইৰ কাৰ্গোৰ পৰা মালয়েছিয়ালৈ নিয়াৰ সময়ত ১৩৬৪ টা কাছ উদ্ধাৰ কৰে।

কাৰ্গো শুল্ক বিভাগে উদ্ধাৰ কৰা কাছবোৰ পুনৰ্সংস্থাপনৰ বাবে তামিলনাডু ৰাজ্যিক বন বিভাগক গতাই দিয়ে।

বৰ্তমান ঘটনা সন্দৰ্ভত অধিক তথ্য সংগ্ৰহৰ বাবে তদন্ত চলাই থকা বুলিও জানিবলৈ দিয়ে।

আৰু পঢ়ক : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত সন্তুষ্ট নহয় সদৌ অসম ছাত্ৰ সন্থা, ক’লে বহু গুৰুত্বপূৰ্ণ কথা…