নগাঁৱত অঘটন, সতীৰ্থক গুলিয়াই নিজেই আত্মহত্যা চি আৰ পি এফৰ জোৱানৰ

0
4144
নগাঁৱত অঘটন, সতীৰ্থক গুলিয়াই নিজেই আত্মহত্যা চি আৰ পি এফৰ জোৱানৰ

নগাঁৱত অঘটন, সতীৰ্থক গুলিয়াই নিজেই আত্মহত্যা চি আৰ পি এফৰ জোৱানৰ

নগাঁৱত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ এজন জোৱানে এজন সতীৰ্থক গুলিয়াই পৰৱৰ্তী সময়ত নিজে আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, বিজয় মিশ্ৰ নামৰ চি আৰ পি এফৰ জোৱানজনে প্ৰাঞ্জল দত্ত নামৰ আন এজন সতীৰ্থ চি আৰ পি এফৰ জোৱানক গুলিয়াই পৰৱৰ্তী সময়ত নিজে মুৰত গুলিয়াই আত্মহত্যা কৰে।

আনহাতে, আঘাতপ্ৰাপ্ত প্ৰাঞ্জল দত্ত নামৰ জোৱানজনক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয়।

নগাঁৱৰ কাটিমাৰীৰ চি আৰ পি এফ কেম্পত এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈছে বুলি তথ্যত প্ৰকাশ পাইছে।

দুয়োজন চি আৰ পি এফৰ জোৱানৰ মাজত বাক-বিতণ্ডাৰ পাছতে এই গুলিয়াগুলীৰ ঘটনা সংঘটিত হয়।

এই ঘটনা সংঘটিত হোৱাৰ বাতৰি লাভ কৰাৰ পাছতে ঘটনাস্থলীত নগাঁও আৰক্ষীৰ এটা দল উপস্থিত হৈছে।

আৰু পঢ়ক : কিয় চলাচল কৰা নহ’ল ৰ’ৰ আৰু ৰ’ পেস্ক জাহাজ? তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ