23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    জঘন্য ঘটনা; চি আৰ পি এফ জোৱানৰ কামনাৰ বলি হ’ল ২১ বছৰীয়া ছোৱালী

    জঘন্য ঘটনা; চি আৰ পি এফ জোৱানৰ কামনাৰ বলি হ’ল ২১ বছৰীয়া ছোৱালী

    এক ধৰ্ষণ কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কাৰ্বি আংলঙৰ বোকাজানত। বোকাজানৰ দিলাওজান অঞ্চলৰ বুধিয়া গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা।

    শনিবাৰে ইলিয়াড বাণ্ডা নামৰ চি আৰ পি এফ জোৱান এজনে নিজৰ জীয়েকৰ লগতে চাৰিগৰাকীকৈ ছোৱালীক ফুৰাবলৈ লৈ গৈছিল।

    ফুৰি আহি নিজৰ জীয়েক আৰু আন তিনিজনী ছোৱালীক ঘৰত থৈ ইলিয়াড বাণ্ডা নামৰ লম্পটটোৱে আন এগৰাকী ২১ বছৰীয়া ছোৱালীৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰে।

    অভিযুক্ত ইলিয়াড বাণ্ডা অৰুণাচলত চি আৰ পি এফ জোৱান হিচাপে কৰ্মৰত। নিজৰ জীয়েকৰ বান্ধৱীৰ লগত ঘটা নিৰ্লজ্জ ঘটনাই এতিয়া অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

    ইতিমধ্যে বোকাজান আৰক্ষীৰ জিম্মাত থকা ইলিয়াড বাণ্ডাৰ বিৰুদ্ধে থানাখনত ৭৬/২০২১ নম্বৰত এক গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

    আৰু পঢ়ক : কৰ’ণাৰ ভয়াবহ সংক্ৰমণ ৰোধৰ বাবে ১৫ মে’লৈ লকডাউনৰ ঘোষণা এইখন চৰকাৰৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং