মাস্ক নিপিন্ধাকৈ ঘৰৰ বাহিৰত বাইক ধুই থকা CRPF জোৱানক গুৰুলাগুৰুলকৈ প্ৰহাৰ আৰক্ষীৰ

জোৱানগৰাকীয়ে বাৰে বাৰে নিজকে কোব্ৰা কামাণ্ডো বুলি চিনাকি দিয়াৰ পিছতো আৰক্ষীয়ে নিদিলে গুৰুত্ব

0
309

কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰুধিবলৈ দেশৰ জনসাধাৰণক মাস্ক পিন্ধাতো বাধ্যতামূলক কৰা হৈছে। মাস্ক পৰিধান নকৰাকৈ বাহিৰলৈ অহা লোক আৰক্ষীৰ ৰোষত পৰাৰ খবৰ প্ৰায়ে আহি থাকে। এইবাৰ কৰ্ণাটকৰ এজন CRPF জোৱান ৰোষত পৰিল আৰক্ষীৰ।কৰ্ণাটকৰ য়াকচাম্বা গাঁৱত এগৰাকী CRPF কোব্ৰা কামাণ্ডোৰ জোৱানক আৰক্ষীয়ে গুৰুলা-গুৰুলকৈ পিটাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

লকডাউনৰ সময়তে নিজ ঘৰৰ বাহিৰত বাইক ধুই আছিল জোৱান সুনীল সঞ্জয় সাৱন্তে। তেনে সময়তে পেট্ৰলিঙত যোৱা আৰক্ষীৰ দলে জোৱানজনক মাস্ক কিয় পিন্ধা নাই বুলি প্ৰশ্ন কৰি প্ৰহাৰ কৰে। তীব্ৰ বাক-বিতণ্ডা তথা প্ৰহাৰৰ পিছতে জোৱানজনক গ্ৰেপ্তাৰ কৰি ঘৰত থকা অৱস্থাৰ পৰাই আৰক্ষীয়ে থানালৈ লৈ আহে। থানাতো জোৱানজনক শিকলি লগাই আৰক্ষীয়ে অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

জোৱানগৰাকীয়ে বাৰে বাৰে নিজকে কোব্ৰা কামাণ্ডো বুলি চিনাকি দিয়াৰ পিছতো আৰক্ষীয়ে সেই কথা গুৰুত্ব নিদি শাৰীৰিকভাৱে প্ৰহাৰ কৰা কাৰ্যক লৈ CRPF বিভাগত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।মঙলবাৰে জোৱানগৰাকীৰ জামিন আবেদন আদালতত দাখিল কৰা হ’ব বুলি বিশেষ সূত্ৰে প্ৰকাশ।

Photo:Time8