দুখন মেচৰ বাবে নিষিদ্ধ ক্ৰিষ্টিয়ানো ৰোনাল্ডো, ইয়াৰ কাৰণ কি জানো আহক

0
26398
মানচেষ্টাৰ ইউনাইটেডৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে ৰচিলে বিৰল অভিলেখ

পৰ্তুগালৰ তাৰকা ষ্ট্ৰাইকাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোক দুখন ঘৰুৱা মেচৰ বাবে নিষিদ্ধ কৰা হৈছে। বিশ্ব ফুটবলৰ অন্যতম তাৰকা খেলুৱৈগৰাকীৰ ওপৰত ৪২ লাখ ৬৫ হাজাৰ টকাৰ জৰিমনাও আৰোপ কৰা হৈছে।

উল্লেখ্য যে, ৰোনাল্ডোৰ বিৰুদ্ধে চলিত বছৰতে এভাৰটনত এজন অনুৰাগীৰ হাতৰ পৰা এটা মোবাইল কাঢ়ি লৈ ​​ভাঙি পেলোৱাৰ অভিযোগ আছে।

চলিত বৰ্ষৰ ৯ এপ্ৰিলত গুডিচন পাৰ্কত এভাৰটনৰ হাতত ১–০ গ’লত পৰাস্ত হৈছিল ৰোনাল্ডোৰ দল মানচেষ্টাৰ ইউনাইটেড। ইয়াৰ পিছত যেতিয়া ৰোনাল্ডো খেলপথাৰৰ পৰা ওলাই আহিছিল, তেতিয়া এজন অনুৰাগীয়ে তেওঁৰ ভিডিঅ’ বনাই আছিল। দলটোৰ পৰাজয়ত ক্ষুব্ধ ৰোনাল্ডোৱে ভিডিঅ’ কৰাত অসন্তুষ্টি প্ৰকাশ কৰি অনুৰাগীজনৰ মোবাইলটো কাঢ়ি লৈ ​​ভাঙি পেলাইছিল।

এই বিতৰ্কৰ পিছত তেওঁৰ বিৰুদ্ধে এফ এৰ দ্বাৰা অনুচিত আচৰণৰ অভিযোগ উত্থাপন কৰা হৈছিল।

ৰোনাল্ডোৰ এই দুৰ্ভাগ্যজনক আচৰণৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছিল। ইয়াৰ পিছতে স্থানীয় আৰক্ষীয়ে ৰোনাল্ডোক সকীয়নি প্ৰদান কৰিছিল। পিছত ৰোনাল্ডোৱেও তেওঁৰ আচৰণ অনুচিত বুলি স্বীকাৰ কৰে।

অৱশ্যে ৰোনাল্ডোৰ অনুৰাগীৰ বাবে ভাল খবৰ এয়াই যে এই নিষেধাজ্ঞা বিশ্বকাপৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় কাৰণ এই নিষেধাজ্ঞা ফুটবল এছ’চিয়েশ্যনেহে জাৰি কৰিছে।