29 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    কাম দিয়াৰ চলেৰে ৪০ হাজাৰ টকাক খুড়াকে বিক্ৰী কৰিলে ভতিজীক…

    কাম দিয়াৰ চলেৰে ৪০ হাজাৰ টকাক খুড়াকে বিক্ৰী কৰিলে ভতিজীক…

    দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে নাৰীজনিত অপৰাধমূলক ঘটনা। ইয়াৰ মাজতে উত্তৰ প্ৰদেশৰ সম্ভালত মানৱ জাতিক লজ্জাজনক কৰা এটি ঘটনা সংঘটিত হয়।

    ঘটনাৰ বিৱৰণী অনুসৰি সম্বন্ধত নিজৰ খুড়াকে ভতিজীক বিক্ৰী কৰাৰ চেষ্টা কৰে।এগৰাকী মহিলাৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে তিনিজনক গ্ৰেপ্তাৰ কৰিছে।

    ঘটনাৰ বিৱৰণী অনুসৰি পিড়ীতা মহিলাৰ খুড়াকে তেওঁক কাম দিম বুলি প্ৰথমে ফুচুলাই নিয়ে আৰু পিছত এজন যুৱকৰ ওচৰত ৪০ হাজাৰ টকাত বিক্ৰী কৰে।

    মহিলা গৰাকীয়ে সমগ্ৰ ঘটনা আৰক্ষীক অৱগত কৰিছে।   মহিলা গৰাকীয়ে জনোৱা অনুসৰি তেওঁক প্ৰথমে খুড়াক আৰু এজন বন্ধুৱে ওচৰৰ গাঁৱৰ এজন যুৱকৰ লগত ১৯ মাৰ্চত বিয়া দিয়ে। মহিলা গৰাকীৰ পুৰ্বৰ স্বামীৰ তিনিটা সন্তানো আছিল। আৰু নতুনকৈ বিয়া হোৱা নৈন সিঙে মহিলা গৰাকীৰ পুত্ৰক মাৰপিট কৰিছিল। যেতিয়া মহিলা গৰাকীয়ে বিৰোধ কৰিছিল তেতিয়া নৈন সিঙে কৈছিল যে তেওঁক খুড়াকৰ পৰা ৪০ হাজাৰ টকাত ক্ৰয় কৰিছে।

    মহিলা গৰাকীয়ে যেতিয়া বিক্ৰী কৰাৰ কথা গ’ম পাই নিশায়ে মহিলা গৰাকীয়ে পুত্ৰৰ সৈতে ঘৰ এৰি আহি এজাহাৰ দাখিল কৰে।

    আৰু পঢ়ক : “অসমত পুনৰ বিজেপি চৰকাৰ আহিলে লাভ জেহাদৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰা হ’ব”- অমিত শ্বাহ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং