22 C
Guwahati
Friday, February 26, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ৰাজনীতিত প্ৰৱেশ ক্ৰিকেটাৰ মনোজ তিৱাৰীৰ, বুধবাৰে যোগ দিব এইটো দলত..

    ভাৰতীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰা পশ্চিম বংগৰ মনোজ তিৱাৰীয়ে মমতা বেনাৰ্জীৰ দল তৃণমূল কংগ্ৰেছত (টি এম চি)ত যোগদান কৰিব। ২৪ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰিব বুলি দলটোৰ এক উচ্চস্তৰীয় সূত্ৰই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক এই কথা জনাইছে। ৰাজ্যখনৰ হাওৰাত জন্মগ্ৰহণ কৰা মনোজ তিৱাৰীৰ ২০০৮ চনত ভাৰতীয় ক্ৰিকেট দলত আত্মপ্ৰকাশ ঘটিছিল।

    সোঁহতীয়া বেটছমেন গৰাকীয়ে ২০১৫ চনৰ জুলাইত ভাৰতৰ হৈ অন্তিমখন এদিনীয়া মেচত অংশ লৈছিল।

    তেওঁ দেশৰ হৈ ১২ খন এদিনীয়া, তিনিখন টি-২০ মেচ খেলিছিল। এদিনীয়াত সংগ্ৰহ কৰিছিল মুঠ ২৮৭ ৰান।

    ৩৫ বছৰীয়া মনোজ তিৱাৰীয়ে টি-২০ত ১৫ ৰান কৰিছিল।

    উল্লেখ্য যে অহা এপ্ৰিল-মে’ মাহত পশ্চিম বংগৰ বিধানসভা নিৰ্বাচন হোৱাৰ সম্ভাৱনা আছে। নিৰ্বাচনৰ পূৰ্বে কেইবাজনো বিধায়ক-নেতাই বিজেপিত যোগদান কৰাৰ সময়তে মনোজ তিৱাৰীৰ তৃণমূলত যোগদান কৰা সিদ্ধান্তই বিশেষ তাৎপৰ্য বহন কৰিছে।

    আৰু পঢ়ক : “কৰ’ণা বিয়পাৰ খবৰটো অতিৰঞ্জিত কৰিছে, অসমত লকডাউনৰ প্ৰয়োজন নাই” কৰ’ণা সংক্ৰমনক লৈ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং