26 C
Guwahati
Tuesday, September 27, 2022
More

    অসমৰ বিভিন্ন স্থানত PFI-ৰ বিৰুদ্ধে অভিযান; সংগঠনটোৰ ৰাজ্যিক সভাপতি-সম্পাদকসহ কেইবাজনক গ্ৰেপ্তাৰ

    ‘পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া’ (পি এফ আই)ৰ বিৰুদ্ধে দেশজুৰি অভিযান। বুধবাৰৰ নিশাৰ পৰাই পি এফ আইৰ বিৰুদ্ধে এন আই এ আৰু ই ডিয়ে যৌথ অভিযান চলাই আছে।

    দেশৰ ১০খন ৰাজ্যৰ সমান্তৰালকৈ অসমতো তদন্তকাৰী সংস্থা দুটাই চলাই আছে তালাচী।

    গুৱাহাটীৰ হাতীগাঁওস্থিত পি এফ আইৰ কাৰ্যালয়তো চলিছে অভিযান। অভিযানৰ পিছত সিজুবাৰীৰ পৰা পি এফ আইৰ ৰাজ্যিক সভাপতি আমিনুল হকক গ্ৰেপ্তাৰ কৰা হৈছে। সমান্তৰালভাৱে দিছপুৰৰ পৰা ফৰহাদ আলী আহমেদ নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে

    গুৱাহাটীত গ্ৰেপ্তাৰ কৰা আমিনুল হকৰ ঘৰ ছয়গাঁৱৰ গৰৈমাৰী টুক্ৰাপাৰাত।

    ইফালে নগৰবেৰাৰ পৰাও গ্ৰেপ্তাৰ কৰা হৈছে চাৰিজন নেতাক।

    আটক হোৱা কেইজন বকোৰ নগৰবেৰাৰ ৰবিউল হুছেইন, হাফিজ ৰফিকুল ইছলাম, বছিৰ আহমেদ (পদুমপাৰা) আৰু নজৰুল ইছলাম ভূঞা।

    ইয়াৰে ৰবিউল হুছেইন পি এফ আইৰ ৰাজ্যিক সাধাৰণ সম্পাদক বুলি জানিব পৰা গৈছে।

    উল্লেখ্য যে, বৰ্তমানলৈকে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ১০০ জনতকৈও অধিক নেতা-সদস্যক গ্ৰেপ্তাৰ কৰিছে। পি এফ আইৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অ’ এম এ আব্দুল ছালামৰ বাসগৃহতো চলাই আছে তালাচী। কেৰালাস্থিত বাসগৃহত মাজনিশাৰ পৰা অব্যাহত আছে তালাচী। ৰাষ্ট্ৰবিৰোধী কাৰ্যত লিপ্ত থকাৰ সন্দেহত এই অভিযান।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং