28 C
Guwahati
Wednesday, October 5, 2022
More

    আলফাৰ স্বাধীনতা দিৱস বর্জনৰ ভাবুকি অপ্ৰাসংগিক : পাৰ্থ সাৰথি মহন্ত

    ৭৫ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন। অতি উলহ মালহেৰে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলি থকাৰ সময়তে আলফাৰ স্বাধীনতা দিৱস বর্জনৰ ভাবুকিক অপ্ৰাসংগিক আখ্যা দিছে অসম আৰক্ষীয়ে।

    উল্লেখ্য যে, এইবাৰৰ স্বাধীনতা দিৱস বৰ্জনৰ লগতে সেই দিনটোত আলফাই আহ্বান জনাইছে অসম বন্ধৰ।

    কিন্তু আলফাৰ সেই ভাবুকিক অপ্ৰাসংগিক আখ্যা দি যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই কয়, ‘পূৰ্বৰ তুলনাত দুগুণ উলহ মালহেৰে উদযাপন হ’ব স্বাধীনতা দিৱস’।

    তেওঁ লগতে কয় যে মহানগৰীত বিভিন্ন ৰেলী আদিৰ কাৰ্যসূচী বাঢ়িছে সেয়ে এইবাৰ অধিক কঠোৰ হৈছে তালাচী।

    অইল চেক্টৰ, বাছ আস্থান, ৰেল ষ্টেশ্যনৰ লগতে আন আন অঞ্চলসমূহত অসম আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলিও মন্তব্য কৰে।

    আলফাৰ কূটাঘাত হ’বলৈ দিয়া নহ’ব বুলিও কয় শীৰ্ষ আৰক্ষী বিষয়া মহন্তই।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং