
জুৰীয়াত ক্ৰমশঃ বৃদ্ধি পাইছে গৰু চোৰৰ সন্ত্ৰাস। নিশা হলেই আতংকিত হৈ পৰা গঞা ৰাইজক নিৰাপত্তা দিয়াতো দুখ লগাকৈ ব্যৰ্থ আৰক্ষী।
কিন্তু তেনে এক আতংকগ্ৰস্ত হৈ থকা সময়তে শনিবাৰে নিশা জুৰীয়াৰ দগাঁৱৰ প্ৰভাত শইকীয়া নামৰ লোকজনৰ গোহালিৰ পৰা চোৰে দুটাকৈ গৰু চুৰি কৰি এখন টাটা মবাইল গাড়ীত নি থকা অৱস্থাত দগাঁও আৰক্ষীৰ সহযোগত গৃহস্থই খেদি খেদি শিঙাৰীৰ পৰা গাড়ীখন জব্দ কৰাৰ লগতে চালকৰূপী এটা চোৰকো আটক কৰিবলৈ সক্ষম হয়। ধৃত চোৰটো নগাঁও শিয়ালমাৰীৰ আছাদুল হক।
অৱশ্যে আন কেইটা চোৰ পলাই যাবলৈ সক্ষম হয়। উল্লেখ্য যে জুৰীয়া আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত সঘনাই সংঘটিত হৈ আহিছে গৰু চোৰৰ ঘটনা।
Photo:@muksidulhoque