গৰু সৰবৰাহ কৰাৰ আজৱ কৌশল! তথাপিও আৰক্ষীৰ জালত গৰুচোৰ

0
156
গৰু সৰবৰাহ কৰাৰ আজৱ কৌশল! তথাপিও আৰক্ষীৰ জালত গৰুচোৰ

আৰক্ষীৰ চকুত ধুলি দিবলৈ চোৰে যে কি নকৰে । আৰক্ষীও জানো কম , চোৰক ধৰিবলৈ আৰক্ষীও যে কিমান বুদ্ধি পাঙে । কোকৰাঝাৰত এতিয়া গৰুচোৰ আৰু অসম আৰক্ষীৰ মাজত যেন প্ৰতিযোগিতা । আৰক্ষীয়ে গৰুৰ চোৰাং সৰবৰাহকাৰীক ধৰিবলৈ অহোপুৰুষাৰ্থ প্ৰচেষ্ঠা আৰু আনহাতে চোৰাং সৰবৰাহকাৰীসকলে আৰক্ষীৰ চকুত ধুলি দি চোৰাংভাৱে শ্ৰীৰামপুৰ তালাচী চকী পাৰ কৰোৱাৰ প্ৰচেষ্ঠাৰ মাজতে আজি কোকৰাঝাৰ আৰক্ষীয়ে ১৩ টা অবৈধভাৱে সৰবৰাহ কৰা উন্নত জাতৰ গৰু জব্দ কৰিবলৈ সক্ষম হৈছে ।

কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশানে সদৰি কৰা মতে এক বিশেষ সূত্ৰৰ পম খেদি কোকৰাঝাৰ আৰক্ষীয়ে কোকৰাঝাৰ জিলাৰ অসম-বংগ সীমান্তৰ শিমুলটাপুত অভিযান চলাই অবৈধভাৱে সৰবৰাহ কৰা ১৩ টা উন্নত জাতৰ গৰু জব্দ কৰাৰ লগতে দুজনক আটক কৰিবলৈ সক্ষম হৈছে ।

লক্ষণীয় যে UP 12 T 3795 নম্বৰৰ যিখন ট্ৰাকেৰে ১৩ টা গৰু অবৈধভাৱে সৰবৰাহ কৰিছিল সেইখন ট্ৰাক দুটা অংশত বিভক্ত কৰা আছিল । ইয়াৰে এটা অংশ খালী থকাৰ বিপৰীতে আনটো অংশ ১৩ টা গৰুৰে পৰিপূৰ্ণ হৈ আছিল ।

বিশেষ সূত্ৰে অসমত প্ৰৱেশ কৰা উক্ত ট্ৰাকখনৰ তথ্য লাভ কৰিয়ে কোকৰাঝাৰ আৰক্ষীয়ে অভিযান চলাই ট্ৰাকসহিতে ১৩ টা গৰু জব্দ কৰাৰ লগতে দুজন অবৈধ গৰু সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ।

আৰক্ষীৰ হাতত আটকাধীন লোকদুজন হ’ল উত্তৰপ্ৰদেশৰ মুজ্জাফুৰনগৰৰ মহম্মদ দিচাদ(৫০) আৰু আনজন উত্তৰপ্ৰদেশ মিৰাটৰ সদকত আলি (৪০) বুলি আৰক্ষীয়ে সদৰি কৰিছে। বহি:ৰাজ্যৰ পৰা অবৈধভাৱে সৰবৰাহ কৰা ১৩ টা উন্নত জাতৰ গৰু বাংলাদেশলৈ চালান নিয়াৰ পৰিকল্পনা আছিল বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ।

আৰু পঢ়ক :  আজি পুনৰ হাজাৰ হাজাৰ কৃষক ৰাওনা হ’ব দিল্লীলৈ, উত্তাল হৈ পৰিব সীমান্ত