28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বোকাজানত ক’ভিড ভেকচিনৰ ক’লা বজাৰ! টকাৰ বিনিময়ত বিক্ৰী, আটক দুজন

    বোকাজানত ক’ভিড ভেকচিনৰ ক’লা বজাৰ। যি সময়ত ৰাজ্যত কৰ’না ভেকচিনৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে সাধাৰণ জনতাই সেই সময়তে কৰ’ণা ভেকচিনৰ ক’লা বজাৰ গঢ়ি উঠিছে বোকাজানত।

    এটা কৰ’ণা প্ৰতিষেধকৰ দাম ১০০০ টকা। বোকাজানৰ একাংশ অসাধু ব্যৱসায়ীয়ে ভেকচিনৰ নামত সংগ্ৰহ কৰে ১০০০ টকা। বোকাজানৰ চাজু দাস নামৰ লোকজনে উমেশ গুপ্তা নামৰ ব্যৱসায়ীজনৰ লগত ভেকচিনৰ বাবে যি কঠোপকথন হৈছিল তাক লৈ এতিয়া বোকাজানত তীব্ৰ চাঞ্চল‍্যৰ সৃষ্টি হৈছে।

    প্ৰশ্ন হয় বোকাজানত এচাম অসাধু ব্যক্তিয়ে একাংশ স্বাস্থ্য কৰ্মীৰ সৈতে গোপন মিতিৰালি কৰি ধনৰ বিনিময়ত চলাই আহিছে নেকি ভেকচিনৰ ৰমৰমীয়া বেহা। এই সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নত স্বাস্থ্যখণ্ডৰ কোনো কৰ্মচাৰী জড়িত নাই বুলি অভিহিত কৰে বোকাজান মহকুমা স্বাস্থ্য বিষয়াই।

    ইতিমধ্যে বোকাজান আঞ্চলিক ছাত্ৰ সন্থাই এই সন্দৰ্ভত বোকাজান মহকুমাধিপতি বিষয়াক স্মাৰক পত্ৰ দাখিল কৰে। লগতে উচিত তদন্ত কৰি বিহিত ব্যৱস্থা কৰাৰ দাবী জনায় ছাত্ৰ সন্থাই।

    অন্যহাতে ঘটনাৰ সৈতে জড়িত উমেশ গুপ্তা আৰু চাজু দাসক আৰক্ষীৰ আওতালৈ আনি তদন্ত অব্যাহত ৰাখিছে বোকাজান মহকুমাধিপতিয়ে।

    উল্লেখ্য যে বোকাজান আৰক্ষী থানাত উমেশ গুপ্তাৰ বিৰুদ্ধে ৯২/২১ নম্বৰৰ অধীনত ৪৪৮, ২৯৪, ৩৭৯, ৫০৬, ৩৬ ধাৰাত আৰু চাজু দাসৰ বিৰুদ্ধে ৯১/২১ নম্বৰৰ অধীনত ৩৮৭, ৪২০ ধাৰাত কেচ ৰুজু কৰা হৈছে।

    Input : Suraj Gogoi

    আৰু পঢ়ক : ঘাঁহ খাই থকা ছাগলী আনিবলৈ যাঁওতেই দুই ভাই-ভনীক ডিঙি ৰেপি হত্যা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং