
চীনৰ লগতে বিশ্বৰ আন আন প্ৰান্তত কৰ’ণাই পুনৰ এবাৰ সংহাৰী ৰূপ ধাৰণ কৰাৰ লগে লগে সতৰ্ক হৈ পৰিছে ভাৰত চৰকাৰ। ক’ভিড সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত আজি এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়।
মোদীয়ে অধিক জনসমাগম হোৱা ঠাইত মাস্ক পৰিধান কৰা, পৰীক্ষা বৃদ্ধি কৰা আৰু জিন’মিক ছিকুৱেন্সিং বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব দিয়ে। লগতে তেওঁ দুৰ্বল আৰু বৃদ্ধ লোকসকলৰ বাবে কৰ’ণা ভেকচিনৰ সতৰ্কতামূলক ড’জ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
ইফালে নিজ নিজ ৰাজ্যত কৰ’ণা প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰ সমূহেও সতৰ্কতামূলক পদক্ষেপ গ্ৰহণ কৰিছে। কৰ’ণাৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ কৰ্ণাটকত পুনৰ মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে।
ইয়াৰ উপৰি ফ্লুৰ লক্ষণ দেখা পোৱাৰ লগে লগে ক’ভিড টেষ্ট কৰাব লাগিব।
চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি বন্ধ ঠাইত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে। বহিঃৰাজ্যৰ পৰা অৱতৰণ কৰা যাত্ৰীসকলক ক’ভিড টেষ্ট কৰা হ’ব। চিকিৎসালয়সমূহক অক্সিজেন চিলিণ্ডাৰ, প্লাণ্ট আৰু জেনেৰেটৰ সাজু কৰি ৰাখিবলৈ কোৱা হৈছে।
চৰকাৰী আৰু বেচৰকাৰী উভয় চিকিৎসালয়ে ক’ভিড ৰোগীৰ বাবে সুকীয়া বিচনাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে।
নিৰ্দেশনা সমূহ এইধৰণৰ
সকলো বন্ধ স্থান আৰু ঘৰৰ ভিতৰৰ পৰিৱেশত বিশেষকৈ শীততাপ নিয়ন্ত্ৰিত স্থানত মাস্ক বাধ্যতামূলক।
ৰাজ্যজুৰি ইনফ্লুৱেঞ্জা, ফ্লু সদৃশ ৰোগ আৰু গুৰুতৰ তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণত আক্ৰান্ত সকলো ৰোগীয়ে ক’ভিড টেষ্ট কৰাটো বাধ্যতামূলক।
প্ৰতিদিনে ২০০০ৰ পৰা ৪০০০ ৰোগীৰ ক’ভিড টেষ্ট কৰিব চৰকাৰে।
বিমানবন্দৰত সকলো যাত্ৰীৰ ভিতৰত দুই শতাংশ যাত্ৰীৰ ৰেণ্ডম চেকিং অব্যাহত থাকিব।
সকলো জিলা চিকিৎসালয়ক ক’ভিড ৰোগীৰ বাবে বিচনা সংৰক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
বুষ্টাৰ ড’জ দিবলৈ বিশেষ শিবিৰৰ আয়োজন কৰা হ’ব।
এই সন্দৰ্ভত কৰ্ণাটকৰ স্বাস্থ্যমন্ত্ৰীয়ে কয়, ‘এতিয়াই ক’ভিডৰ গণ পৰীক্ষা কৰা নহয়, কিয়নো পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণত আছে’।
ইফালে দিল্লী চৰকাৰেও ক”ভিডৰ নতুন ভেৰিয়েণ্ট BF.7ৰ বিৰুদ্ধে যুঁজিবলৈ সম্পূৰ্ণ প্ৰস্তুত আছে বুলি মুখ্যমন্ত্ৰী কেজৰিৱালে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।
আনহাতে উত্তৰ প্ৰদেশ চৰকাৰেও ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰা, সতৰ্কতাৰ ড’জ লোৱা আৰু ইয়াৰ উপযোগিতা সম্পৰ্কে মানুহক সজাগ কৰাৰ আহ্বান জনায়। এই নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।