23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    আজিৰে পৰা অনিৰ্দিষ্টি কাললৈ বন্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ

    আজিৰে পৰা অনিৰ্দিষ্টি কাললৈ বন্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ

    ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আজি ৪ মে’ তাৰিখৰ পৰা দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেষ দ্বাৰ ৷ কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰে উদ্যান কৰ্তৃপক্ষই ৷ ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পোৱা ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়ে অসমৰ সকলো ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য দৰ্শনাৰ্থীৰ বাবে তাৎক্ষণিকভাৱে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

    কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ নিৰ্দেশৰ পিছতে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে উদ্যান কৰ্তৃপক্ষই। নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি, ক’ভিডৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত জীৱ-জন্তুৰ মাজত ভাইৰাছ বিয়পাৰ সম্ভাৱনাৰ লগতে মানুহৰ পৰা পশুলৈ ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে মন্ত্ৰালয়ে৷

    বিগত বছৰৰ ২১ অক্টোবৰত প্ৰায় সাত মাহৰ পিছত পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল উদ্যানখন। এশিঙিয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিগত মাহত বহু সংখ্যক থলুৱা পৰ্যটক উপস্থিত হোৱাও পৰিলক্ষিত হৈছিল।

    আনহাতে, ক’ভিডৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত উদ্যান কৰ্তৃপক্ষই ৩০ এপ্ৰিলত দৰ্শনাৰ্থীৰ বাবে হাতী চাফাৰী বন্ধ কৰিছিল। পূৰ্বৰ বৰ্ষসমূহত মে’ মাহৰ ১৫ তাৰিখে পৰ্যটকৰ বাবে কাজিৰঙা বন্ধ কৰা হয় যদিও এইবৰ্ষত কৰ’ণাৰ বিভিষীকাময় পৰিৱেশৰ বাবে বন্ধ কৰা কাজিৰঙাত এক প্ৰকাৰ অভিলেখ সৃষ্টি কৰিলে ৷

    কাৰণ বিগত বৰ্ষৰ অক্টোবৰ মাহৰ ২১ তাৰিখৰ পৰা কালি অৰ্থাৎ ৩ মে’ পৰ্যন্ত কাজিৰঙা দৰ্শন কৰিলে মুঠ ১ লাখ ৯৯ হাজাৰ ২৪০ গৰাকী পৰ্যটকে ৷ ২০১৭-১৮ পৰ্যটন বৰ্ষত ১ লাখ ৮৮ হাজাৰ পৰ্যটকে দৰ্শন কৰা কাজিৰঙাত এইবাৰ টাৰ্গেট আছিল দুই লাখ পৰ্যটকৰ ৷ কিন্তু সেইয়া সাম্প্ৰতিক পৰিৱেশৰ বাবে সম্ভৱ হৈ নুঠিল ৷

    ইফালে বিদেশী পৰ্যটকৰ অনুপস্থিতিত পূৰ্বৰ বৰ্ষসমুহৰ তুলনাত বিগত তিনি-চাৰিবছৰ ত্ৰিশ শতাংশ ৰাজহ কম হোৱা বুলি উল্লেখ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকে ৷

    Input and Photo Credit: Kishan Chetry

    আৰু পঢ়ক : ভয়ংকৰ পথ দুৰ্ঘটনা, ঠাইতে প্ৰাণ হেৰুৱালে দীপাংক ৰাভা আৰু পল্লৱ ৰাভাই

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং