মাত্ৰ ৭ দিনৰহে ছুটী লাভ কৰিব ক’ভিড আক্ৰান্ত কৰ্মচাৰীয়ে, সংবাদমেলত ক’লে মুখ্য মন্ত্ৰীয়ে
ডিমা হাচাওত আজি অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ বৈঠকৰ অন্তত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি অসমত নতুনকৈ ক’ভিড এছ অ’ পি জাৰি কৰা নহয় বুলি উল্লেখ কৰে।
ৰাজ্যত বৰ্তমান ক’ভিড ৰোগীৰ বাবে বিছনাৰ সংখ্যা খালী আছে ভবিষ্যতে যদিহে হস্পিটেল সমূহত বিছনাৰ সংখ্যা হ্ৰাস পাই তেন্তে নতুনকৈ ক’ভিড সম্পৰ্কীয় বাধা-নিষেধ আৰোপ কৰা হ’ব বুলিও মুখ্য মন্ত্ৰী শৰ্মাই লগতে সদৰী কৰে।
আনহাতে, ক’ভিড আক্ৰান্ত হোৱা ৰাজ্যিক কৰ্মচাৰী সকলে মাত্ৰ ৭ দিনৰহে ছুটী লাভ কৰিব বুলি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰি ৮ দিনৰ দিনাখন কৰ্মচাৰী সকলে কৰ্মস্থানত যোগদান কৰিব লাগিব বুলি প্ৰকাশ কৰে।
ইপিনে, অতি শীঘ্ৰে ৰাজ্যত যোগ্য লোকসকলক ক’ভিডৰ দ্বিতীয় পালিও প্ৰতিষেধক প্ৰদান কৰা সম্পুৰ্ণ হ’ব বুলি মুখ্য মন্ত্ৰী শৰ্মাই সংবাদমেলত কয়।
ডিমা হাচাওত অনুষ্ঠিত হোৱা আজিৰ ৰাজ্যিক কেবিনেটত ডিমা হাচাওৰ উন্নতিৰ বাবে ভালেকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হয়।
মূলত ডিমা হাচাওত পৰ্যটন ক্ষেত্ৰখনৰ প্ৰসাৰৰ দিশত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।