কৰ’ণা মহামাৰীয়ে দেশৰ লগতে বিশ্বৰ কোটি কোটি মানুহৰ প্ৰাণ কাঢ়ি লৈ গ’ল। কাঢ়ি লৈ গ’ল বহুতৰে প্ৰিয়জনকো।ঠিক তেনেদৰে বিলি লাৰিডো নামৰ এজন ব্যক্তি জনেও কৰ’ণা মহামাৰীত প্ৰাণ হেৰুৱালে। বিলি বৰ্তমান এই পৃথিৱীত নাই, কিন্তু বিলিয়ে শেষ মূহূৰ্তত পত্নীলৈ লিখি থৈ যোৱা চিঠিখন এতিয়া ভাইৰেল হৈ পৰিছে সকলোতে।
আমেৰিকাৰ টেক্সাছ চহৰৰ বাসিন্দা ৪৫ বছৰীয়া বিলি লাৰিডোক কৰ’ণা সংক্ৰমিত হোৱাৰ পাছতেই তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।হাস্পতালত থকাৰ সময়তেই তেওঁ অনুভৱ কৰিছিল যে, তেওঁ আৰু বেছিদিন জীয়াই নাথাকিব। তেনে সময়তে তেওঁ পত্নীক এখন চিঠি লিখিছিল য’ত শেষবাৰৰ বাবে পত্নীক নিজৰ মনৰ কথা প্ৰকাশ কৰিছিল।
তেওঁ চিঠিখনত লিখিছে যে, ‘’নিজৰ জীৱনটোক বচাবলৈ প্ৰত্যেক দিনাই যুদ্ধ কৰি আছো।এই যুদ্ধ মই তোমাৰ বাবে কৰিবলৈ বিচাৰিছো কাৰণ মই তোমাক আকৌ এবাৰ চাবলৈ বিচাৰিছো। তুমি মোৰ জীৱনৰ এনে এজন মহত্বপূৰ্ণ ব্যক্তি যে, প্ৰতিদিনাই তোমাক মনত পেলাওঁ।মই জানো মই এজন আদৰ্শ স্বামী নহয়, কিন্তু আদৰ্শ স্বামী হ’বলৈ মই সম্পূৰ্ণ চেষ্টা কৰো।”
”প্ৰতিটো কথাতে তুমি ৯৯ শতাংশই শুদ্ধ আছিলা আৰু মই ভুল। মই এই কথাক মই পছন্দ কৰো। এই পৰিস্থিতিৰ পৰা মই যদি সুস্থ হৈ উঠো তেন্তে প্ৰতিটো ক্ষেত্ৰতে নিজৰ দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰিম।”
”মই যদিও জীয়াই নাথাকো তথাপিও ক’ব বিচাৰি যে, তোমাৰ সৈতে মই সুখী এটা জীৱন কটালো আৰু তাৰ মই কোনো ধন-সম্পত্তিৰে তুলনা কৰিব নোৱাৰো।” উল্লেখ্য যে, বিলি পেচাত আছিল এজন উকিল আৰু নৱেম্বৰ মাহত তেওঁ কৰ’ণাত আক্ৰান্ত হৈছিল।