ৰাজ্যত পুনৰ কৰ’ণা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।গুৱাহাটীৰ ডন বস্ক স্কুলত ছাত্ৰ আৰু শিক্ষকৰ কভিড পজিটিভ পোৱাৰ পাছত সোমবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুগৰাকী শিক্ষাৰ্থীৰ দেহত ক’ভিড পজিটিভ পোৱাত সমগ্ৰ বিশ্ববিদ্যালয়ৰ চৌহদতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ গুৰুত্ব আৰু সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি আজি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই ড° ভূপেন হাজৰিকা পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰটো সাত দিনৰ বাবে কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে।
লগতে একে নিৰ্দেশনাত কেন্দ্ৰটোৰ সকলো শিক্ষাৰ্থী,শিক্ষক,বিষয়া,কৰ্মচাৰীক সাত দিনৰ বাবে নিজ গৃহত কোৱাৰেন্টাইন হোৱা আৰু ক’ভিড পৰীক্ষা কৰিবলৈ কোৱা হৈছে।
ইয়াৰে এগৰাকী ঘৰ যোৰহাট আৰু এগৰাকী ঘৰ শিৱসাগৰ বুলি জানিব পৰা হৈছে। বৰ্তমান তেওঁ লোক নিজ নিজ গৃহ কুৱাইনট্রাইন হৈ আছে।
ইফালে ডিব্ৰুগড় জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণে বিশ্ববিদ্যালয়ত কন্টেইনমেন্ট জ’ন ঘোষণা কৰা নাই বুলি মন্তব্য কৰিছে ডিব্ৰুগড় জিলা চাভিলেঞ্চ বিষয়া ড. নৱজ্যোত গগৈয়ে।
আৰু পঢ়ক : অতি শীঘ্ৰেই মুক্তি লাভ কৰিব কাৰ্তিক আৰিয়নৰ অভিনীত ছবি ভুলভুলেয়া-২