23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    মহানগৰীৰ এক চৰকাৰী কাৰ্যলয়ত ভয়াবহ কৰ’ণাৰ সংক্ৰমণ, ৫জনে প্ৰাণ হেৰুৱাৰ বিপৰীতে ৭৫ কভিড আক্ৰান্ত

    মহানগৰীৰ এক চৰকাৰী কাৰ্যলয়ত ভয়াবহ কৰ’ণাৰ সংক্ৰমণ, ৫জনে প্ৰাণ হেৰুৱাৰ বিপৰীতে ৭৫ কভিড আক্ৰান্ত

    মহানগৰীৰ এক চৰকাৰী কাৰ্যলয়ত ভয়াবহ কৰ’ণাৰ সংক্ৰমণ, ৫জনে প্ৰাণ হেৰুৱাৰ বিপৰীতে ৭৫ কভিড আক্ৰান্ত। বেলতলাৰ মহাগাণনিক তথা একাউনটেণ্ট জেনেৰেল( AG Office) কাৰ্যলয়ত এই কভিদৰ ভয়াৱহ ৰূপ।

    কাৰ্যালয়টোত প্ৰায় ৭৫জন বিষয়া কৰ্মচাৰী কভিদ আক্ৰান্ত হৈছে । লগতে এতিয়ালৈকে কাৰ্যালয়টোৰ ৫ জন কর্মচাৰীৰ মৃত্যু হৈছে কভিডত।

    কাৰ্যালটোত কৰণাৰ ফলত এনে অৱস্থা হৈ পৰাত পেঞ্চন বা আন বিত্তীয় কামৰ ক্ষেত্ৰত একপ্ৰকাৰ অচলাৱস্থা হৈ পৰিছে। কভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কাৰ্যালয়লৈ পেঞ্চন বা অন্যান্য নিয়মীয়া কামকাজৰ বাবে ৰাইজৰ প্ৰৱেশত ইতিমধ্যে বাধা নিষেধ আৰোপ কৰা হৈছে।

    কেৱলমাত্ৰ এক তৃতীয়াংশ কৰ্মচাৰীৰে কামকাজ চলি আছি কাৰ্যালটোত। আনহাতে পেঞ্চন সম্পৰ্কীয় অভিযোগ বা অন্যান্য বিত্তীয় বিষয়ৰ অনুসন্ধানৰ বাবে ৰাইজৰ সুবিধাৰ্থে ইতিমধ্যে ম’বাইল নম্বৰ বা ই মেইল মুকলি কৰি দিয়া হৈছে।

    আৰু পঢ়ক : বিচিচিআইৰ সিদ্ধান্ত, কৰ’ণাৰ সংহাৰৰ বাবে স্থগিত আই পি এল

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং