সম্পূৰ্ণ লকডাউন ঘোষণা, শনিবাৰে নিশা ১০ বজাৰ পৰা প্ৰযোজ্য হ’ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ
ক’ভিডৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখনো ৰাজ্যই বিভিন্ন কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে আজি এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে।
মুখ্যমন্ত্ৰী গৰাকীয়ে জনাই যে ২৩ জানুৱাৰিত ৰাজ্যজুৰি সম্পূৰ্ণ লকডাউন জাৰি কৰা হ’ব।
লকডাউন শনিবাৰে নিশা ১০ বজাত আৰম্ভ হ’ব আৰু সোমবাৰৰ পুৱা ৫ বজালৈকে চলিব।
অৱশ্যে লকডাউনৰ পৰা অত্যাৱশ্যকীয় সেৱা সমূহক ৰেহাই প্ৰদান কৰা হৈছে। সংক্ৰমণৰ হাৰ হ্ৰাস নোপোৱাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।
উল্লেখ্য যে তামিলনাডুত যোৱা ২৪ ঘণ্টাত ২৮,৫৬১ গৰাকী লোক নতুনকৈ কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৩৯ গৰাকী লোকৰ মৃত্যু হৈছে।
ইফালে, দেশত যোৱা ২৪ ঘণ্টাত ৩ লাখ ৪৭ হাজাৰৰো অধিক লোক ক’ভিডত আক্ৰান্ত হৈছে। বৰ্তমান কৰ’ণাৰ সক্ৰিয় ঘটনাইও ২০ লাখ অতিক্ৰম কৰিছে।
আৰু পঢ়ক : পুত্ৰৰ বিৰুদ্ধে মাতৃক হত্যা কৰাৰ গুৰুতৰ অভিযোগ…শোৱাপাটীত উদ্ধাৰ মাতৃৰ মৃতদেহ