ক’ভিড-১৯ : ভাৰতত পুনৰ সক্ৰিয় ৰোগীৰ সংখ্যাই অতিক্ৰম কৰিলে ১.৫ লাখ

0
184
উদ্বেগজনকভাৱে বৃদ্ধি ক'ভিডৰ সংখ্যা, ৮ হাজাৰৰো অধিক লোক আক্ৰান্ত, ১৬
প্ৰতিনিধিত্বমূলক চিত্ৰ

ভাৰতত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ। প্ৰতিদিনে হাজাৰ হাজাৰ লোক এই ভাইৰাছৰ কৱলত পৰিছে, যাৰ বাবে উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ।

শেহতীয়া তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ২০,২৭৯ গৰাকী কৰ’ণাত আক্ৰান্ত হোৱাত দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ১,৫২,২০০লৈ বৃদ্ধি পাইছে।

একে সময়তে যোৱা ২৪ ঘণ্টাত দেশৰ বিভিন্ন প্ৰান্তত সংক্ৰমণৰ ফলত ৩৬ জন লোকে প্ৰাণ হেৰুৱাইছে।

ইফালে যোৱা ২৪ ঘণ্টাত ১৮,১৪৩ জন লোক কৰ’ণাৰ পৰা মুক্ত হৈছে। কৰ’ণাৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ৪,৩২,১০,৫২২ লৈ বৃদ্ধি পাইছে।

তথ্য অনুসৰি দেশত ক’ৰোনা সংক্ৰমণ ৰোধ কৰাৰ লগতে আক্ৰান্ত সকলক চিনাক্ত কৰাৰ বাবে এতিয়ালৈকে ৮৭.২৫ কোটি পৰীক্ষা কৰা হৈছে। আনহাতে, যোৱা ২৪ ঘণ্টাত ৩,৮৩,৬৫৭টা পৰীক্ষা কৰা হৈছে।

যোৱা ২৪ ঘণ্টাত দেশত পজিটিভিটিৰ হাৰ আছিল ৫.২৯। আনহাতে সাপ্তাহিক পৰ্যায়ত ই ৪.৪৬ শতাংশ। আনহাতে দেশত বৰ্তমান আৰোগ্যৰ হাৰ ৯৮.৪৫ শতাংশ।