28 C
Guwahati
Wednesday, April 21, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    কৰ’ণা সংক্ৰমণ ৰোধৰ বাবে বিশ্বনাথ জিলাত ১৪৪ ধাৰা জাৰি

    দেশৰ কেইবাখনো ৰাজ্যত বাঢ়িবলৈ ধৰা কভিড-১৯ ৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বনাথ জিলা প্ৰশাসন জিলাখনত ১৪৪ ধাৰা জাৰি কৰিছে।

    কৰ’ণা সন্দৰ্ভত বৰ্তমানৰ পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে আজি বিশ্বনাথ জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত এখন উচ্চস্তৰীয় বৈঠকৰ আয়োজন কৰে। 

    সতৰ্কতামূলক ব্যৱস্থা স্বৰূপে বিশ্বনাথ জিলাৰ সকলো ৰাজহুৱা স্থান, ব্যৱসায়িক প্ৰতিস্থান, শিক্ষানুস্থান, চৰকাৰী আৰু বেচৰকাৰী সকলো কাৰ্য্যালয়তে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে।

    ইয়াৰ উফৰি প্ৰতিজন লোককে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনোৱা হৈছে।

    আনহাতে উপায়ুক্তগৰাকীয়ে স্বাস্থ্য বিভাগৰ দ্বাৰা প্ৰতিদিনে অতি কমেও ১০০০ গৰাকী লোকক কভিড পৰীক্ষা কৰোৱাটো লক্ষ্য স্থিৰ কৰি লোৱা বুলিও জানিবলৈ দিয়ে।

    বাছ বা ৰে’লেৰে অন্য ঠাইৰ পৰা আহি জিলাখনত উপস্থিত হোৱা প্ৰতিজন যাত্ৰীক পৰীক্ষা কৰাটো বাধ্যতামূলক। বৃহস্পতিবাৰৰ পৰা জিলাখনত থকা শিক্ষানুস্থানসমূহৰ ছাত্ৰ-ছাত্ৰী নিবাসৰ প্ৰতিগৰাকী আবাসীৰ কভিড পৰীক্ষা কৰোৱা হ’ব।

    কভিডৰ বাবে গঢ়ি তোলা প্ৰতিটো খণ্ড, থানা আৰু জিলা কমিটিক তাৎক্ষণিকভাৱে সক্ৰিয় আৰু সাজু কৰি তোলা হ’ব বুলিও জনাই উপায়ুক্তগৰাকীয়ে।

    এই সন্দৰ্ভত জিলা উপায়ুক্ত গৰাকীয়ে কয়, ‘যদিওবা বিশ্বনাথ জিলাত বৰ্তমান পৰিস্থিতি স্বভাৱিক অৱস্থাত আছে, অসমৰ বাহিৰত বাঢ়ি গৈ থকা সংখ্যাৰ প্ৰতি গুৰুত্ব দি আমি সাৱধান হৈ নিজকে সাজু কৰি ৰাখিব লাগিব’।

    ‘আমি প্ৰথমতেই যিকোনো মূল্যৰ বিনিময়ত ভাইৰাছ নিবিয়াপবলৈ আৰম্ভণিতেই পৰীক্ষাসমূহ কৰাই কভিড পজিটিভ পোৱা ৰোগীক আছুতীয়াকৈ ৰখাটোত অগ্ৰাধিকাৰ দিব লাগিব। ইয়াৰ লগতে আমি ভেকচিন প্ৰদান কাৰ্য্যসূচীও ক্ষীপ্ৰতৰ কৰাত গুৰুত্ব দিছো’, এইদৰে কয় উপায়ুক্ত গৰাকীয়ে।

    ইয়াৰ উপৰি সঘনাই হাত ধোৱা, মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বজাই ৰখাটো সকলো শিক্ষানুস্থানৰ বাবে বাধ্যতামূলক কৰা হৈছে। এতিয়াৰ পৰা দোকান-বজাৰ অঞ্চলবোৰ প্ৰশাসনৰ তৰফৰ পৰা সঘনাই চেনিটাইজড কৰা হ’ব।                

    আজিৰ এই বৈঠকত আৰক্ষী অধীক্ষক ৰাজেন সিং, জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া ৰঞ্জিত স্বৰ্গীয়াৰী, গহপুৰৰ মহকুমাধিপতি আদিত্য বিক্ৰম যাদৱ, অতিৰিক্ত জিলা উপায়ুক্ত ক্ৰমে মিফতাহউদ্দিন আহমেদ, লিজা তালুকদাৰ, ড০ সূৰ্য্য কমল বৰাৰ লগতে জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।

    ইনপুট : ছয়নিকা ডেকা

    আৰু পঢ়ক : গোলাঘাটত নতুনকৈ দুজন লোকৰ দেহত কভিডৰ সংক্ৰমণ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং