৫০,০০০ হাজাৰ কৰ’ণা আক্ৰান্তৰ দিশে ভাৰত

মুঠ সক্ৰিয়ৰ সংখ্যা ৩৩,৫৪১গৰাকী

0
43

বিশ্বৰ লগতে ভাৰততো অব্যাহত আছে মহামাৰী কৰ’ণাৰ সংহাৰ। ৫০,০০০ হাজাৰ কৰ’ণা আক্ৰান্তৰ দিশে ভাৰত। দেশত কৰ’ণা আক্ৰান্তৰ সংখ্যাই পাৰ কৰিলে ৪৯,০০০ৰ ঘৰ। কেন্দ্ৰীয় স্বাস্থ্য বিভাগৰ সদ্য প্ৰকাশিত তথ্য অনুসৰি দেশত বৰ্তমানে কৰ’ণা ভাইৰাছ কেছ মুঠ ৪৯,৩৯১ টা।

ইয়াৰে মুঠ সক্ৰিয়ৰ সংখ্যা ৩৩,৫৪১গৰাকী। আনহাতে বৰ্তমানলৈ মৃত্যুৰ সংখ্যা ১৬৯৪। লগতে স্বাস্থ্য বিভাগে জনোৱা অনুসৰি ইয়াৰে ভিতৰত সুস্থ হৈ উঠা লোকৰ সংখ্যা ১৪,১৮২।

দেশত তৃতীয় পৰ্যায়ৰ লকডাউন চলি থকা পিছতো নিয়ন্ত্ৰণাধীন হৈ আছে মহামাৰী। দিনে দিনে হাজাৰৰো অধিক এই মহামাৰীত আক্ৰান্তৰ তথ্য পোহৰলৈ আহিব ধৰিছে।

Photo Credit: The Weather Channel