‘১৫ দিনৰ মূৰে মূৰে নিব লাগিব বজাৰলৈ, দেওবাৰে বনাব ব্ৰেকফাষ্ট’ : দৰা-কইনাৰ চুক্তি স্বাক্ষৰ

0
478

বিয়াৰ দিনটো স্মৰণীয় হৈ ৰোৱাটো সকলো দৰা-কইনাই বিচাৰে। সেয়ে তেওঁলোকৰ বিশেষ দিনটো স্মৰণীয় কৰি তুলিবলৈ তেওঁৰ পৰিয়ালৰ লোকসকলেও যৎপৰোনাস্তি চেষ্টা কৰে।

দৰা-কইনাৰ সাজ-সজ্জাৰ পৰা আৰম্ভ কৰি অতিথিক আদৰাৰ লগতে খাদ্যক লৈও বিশেষ গুৰুত্ব দিয়া হয়।

কিন্তু এই সকলোবোৰৰ পিছতো ছ’চিয়েল মিডিয়াত এনে কিছু বিয়াহে চৰ্চাত আহে যিবোৰ বেলেগতকৈ পৃথক আৰু অনন্য।

এইক্ষেত্ৰত বৰ্তমান এখন বিয়া ছ’চিয়েল মিডিয়াত খুব চৰ্চিত হৈ আছে। বিয়াৰ অন্তত দৰা-কইনাই এক বিশেষ চুক্তিপত্ৰত কৰা স্বাক্ষৰৰ বাবেহে চৰ্চাৰ কাৰণ হৈ পৰিছে বিয়াখন।

ৱেডলক ফটোগ্ৰাফী নামৰ এটা ইনষ্টাগ্ৰাম একাউণ্টে শ্বেয়াৰ কৰা এটা প’ষ্ট বৰ্তমান তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে। ভাইৰেল হোৱা ভিডিঅ’টোত কইনা আৰু দৰাই এক বিশেষ চুক্তিপত্ৰত স্বাক্ষৰ কৰা পৰিলক্ষিত হয়।

চুক্তিপত্ৰত লিখা থকা চৰ্তসমূহ বেছ আকৰ্ষণীয় আৰু ধেমেলীয়া। চৰ্তবোৰত বেছিভাগ কথাই কইনাৰ তৰফৰ পৰা লিখা হৈছে।

চুক্তিপত্ৰত লিখা থকা চুক্তিসমূহ এনেধৰণৰ-

প্ৰথম চৰ্ত হ’ল এমাহত মাত্ৰ এটা পিজ্জা খাব। দ্বিতীয় চৰ্তটো হ’ল ঘৰৰ খাদ্যক সদায় প্ৰাধান্য দিব লাগিব।

তৃতীয় চৰ্তটো হ’ল ঘৰত সদায়ে শাৰী পিন্ধা। চতুৰ্থতে, গভীৰ নিশালৈকে পাৰ্টি কৰাৰ অনুমতি আছে কিন্তু ইজনে সিজনৰ লগতহে।

প্ৰতিদিনে জিমলৈ যাব লাগিব। স্বামীয়ে দেওবাৰৰ ব্ৰেকফাষ্ট বনাব লাগিব। প্ৰতিটো পাৰ্টিতে পত্নীৰ ধুনীয়া ধুনীয়া ফটো তুলিব লাগিব আৰু প্ৰতি ১৫ দিনৰ মূৰে মূৰে পত্নীক বজাৰলৈ নিব লাগিব।

বৰ্তমান ব্যাপক ৰূপত ভাইৰেল হৈ পৰা এই ভিডিঅ’টো প্ৰায় ৩ কোটিৰো অধিক লোকে উপভোগ কৰিলে।

উল্লেখ্য যে, ভাইৰেল হোৱা কইনাগৰাকী হৈছে গুৱাহাটীৰ পল্টন বজাৰৰ শান্তি আৰু দৰাজনৰ নাম হৈছে মিণ্টু ৰায়।