পাপমোচনৰ বাবে বিজেপিলৈ আহক! দুৰ্নীতিগ্ৰস্ত কংগ্ৰেছী এতিয়া বিজেপিৰ বিয়াগোম নেতা

0
3164

গ্ৰামোন্নয়ণৰ দূৰ্নীতিত জড়িত হৈ বহুদিন আৰক্ষীৰ পৰা আত্মগোপন কৰি থকা দূৰ্নীতিগ্ৰস্ত কংগ্ৰেছী নেতাই এতিয়া চামগুৰি বিজেপিৰ হৰ্তা-কৰ্তা। সেয়ে এতিয়া সকলোৰে মুখত এতিয়া এটাই কথা পাপমোচনৰ বাবে বিজেপিলৈ আহক।

চামগুৰিত এতিয়া সকলোৰে মুখত এটাই কথা। কাৰণ বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত পঞ্চায়তৰ জবকাৰ্ড কেলেংকাৰীৰ নায়কেই এতিয়া চামগুৰি বিজেপিৰ বিয়াগোম নেতা।

কংগ্ৰেছৰ প্ৰাক্তন নেতা তথা ভুৰবন্ধা গাঁও পঞ্চায়তৰ সভাপতি এইগৰাকী নেতা ছহিদুল ইছলাম বিৰুদ্ধে আছে জবকাৰ্ডৰ ধন আত্মসাৎ কৰা, ইন্দিৰা আৱাস যোজনাৰ ধন আত্মসাৎ কৰাৰ গোচৰ। পিচে এসময়ৰ ৰকিবুলৰ ঘণিষ্ঠ হিচাপে পৰিচিত এইগৰাকী নেতাক গ্ৰেপ্তাৰ কৰাৰ দাবী কৰিছিল খোদ বিজেপিয়ে। সেয়ে ছহিদুলৰ দৰে নেতাক বিজেপিয়ে আদৰি লোৱা কথাই কংগ্ৰেছক লাভাম্বিতহে কৰিব বুলিও মন্তব্য কৰে চামগুৰিৰ কংগ্ৰেছী নেতাই।

উল্লেখযোগ্য বিজেপিৰ কলিয়াবৰ জিলা সভাপতি অনিল শইকীয়াৰ খাচ মানুহ হিচাপে পৰিচিত এইগৰাকী দুৰ্নীতিগ্ৰস্ত নেতাই মুখ্যমন্ত্ৰীৰ সৈতে মঞ্চত একেশাৰীত থিয় হোৱা আনকি কাৰ্যই অস্বস্তিত পেলাইছে বহু বিজেপি কৰ্মীকো।

Photo and Input:@batssamhaque