28 C
Guwahati
Wednesday, April 21, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    নিৰ্বাচন শেষ এতিয়া কৰ’ণাৰ প্ৰৱেশ; বুধবাৰে অসমত ১৯৫ গৰাকী লোক আক্ৰান্ত

    নিৰ্বাচন শেষ এতিয়া কৰ’ণাৰ প্ৰৱেশ; বুধবাৰে অসমত ১৯৫ গৰাকী লোক আক্ৰান্ত

    দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো ক্ৰমান্বয়ে ভয়াবহ ৰূপ ধাৰণ কৰিব ধৰিছে কৰ’ণা ভাইৰাছৰ সংক্ৰমণে।

    বুধবাৰে অসমত নতুনকৈ ১৯৫ গৰাকী লোক এই ভাইৰাছৰ কৱলত পৰিছে। ১৯৫ গৰাকীৰ ভিতৰত ১০৪ গৰাকীয়েই গুৱাহাটীৰ।

    ইয়াৰ উপৰি দহতকৈ অধিক লোক আক্ৰান্ত হোৱা জিলা সমূহৰ ভিতৰত আছে কামৰূপ গ্ৰাম্যৰ ১৬ গৰাকী, ডিব্ৰুগড়ৰ ১৯ গৰাকী আৰু তিনিচুকীয়াৰ ১২ গৰাকী লোক।

    উল্লেখ্য যে অসম বিধানসভা নিৰ্বাচন অন্ত পৰাৰ লগে লগে ৰাজ্যত বৃদ্ধি পাবলৈ ধৰা কৰ’ণা ভাইৰাছৰ সংক্ৰমণে সাধাৰণ জনতাক চিন্তিত কৰি তুলিছে।

    শাসক-বিৰোধীয়ে কভিড নীতি-নিয়ম উলংঘা কৰি বিশাল বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰি সাধাৰণ জনতাক বিপদত পেলোৱাৰ পিছত এতিয়া নিমাত ৰাজনৈতিক দল সমূহ।

    মন কৰিবলগীয়া যে নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সাংবাদিকে অসমৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কিয় মাস্ক পিন্ধা নাই বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ দম্ভালি মাৰি কৈছিল যে অসমত কৰ’ণা নাই গতিকে মাস্ক পিন্ধাৰ প্ৰয়োজনো নাই।

    কিন্তু এতিয়া নিৰ্বাচন সমাপ্ত হোৱাৰ লগে লগে কৰ’ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত সাধাৰণ জনতালৈ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগ বা হিমন্ত বিশ্বই কি নিৰ্দেশ জাৰি কৰে সেয়া লক্ষ্যণীয় হ’ব।

    আৰু পঢ়ক : ডালমিয়া চিমেন্ট কাৰখানা চৌহদত বিধংসী অগ্নিকাণ্ড

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং