লক ডাউনৰ মাজতো বিয়া পাতিব পাৰিব! কিন্তু কেনেকৈ?

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে লক ডাউনৰ সময়চোৱাৰ বাবে জাৰি কৰিছে কিছু নতুন নীতি-নিৰ্দেশনা

0
192

এতিয়া বিয়াৰ বতৰ। কিন্তু সমগ্ৰ বিশ্বৰ লগতে এতিয়া ভাৰততো কৰ’ণা ভাইৰাছে কালৰূপ ধাৰণ কৰিছে। সেয়েহে নিৰ্ধাৰিত তাৰিখত হ’বলগীয়া বিয়া বহুতেই পিছুৱাই দিবলগীয়াত পৰিছে। ইফালে কৰ’ণা ভাইৰাছ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি লকডাউনৰো সময়সীমা বৃদ্ধি কৰা হ’ল।

কেন্দ্ৰই লকডাউনৰ সময়সীমা ৩ মে’লৈকে বৃদ্ধি কৰিলে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে লক ডাউনৰ সময়চোৱাৰ বাবে জাৰি কৰিছে কিছু নতুন নীতি-নিৰ্দেশনা। নিৰ্দেশনা সমূহৰ ভিতৰতে গৃহ মন্ত্ৰণালয়ে স্পষ্ট কৰি দিছে লক ডাউনৰ সময়ত বিয়া পতাত নাই বাধা।

নিৰ্দিষ্ট তাৰিখতে বা সেই তাৰিখৰ আগে পিছেও যুৱক-যুৱতী বিবাহপাশত আৱদ্ধ হ’ব পাৰিব কিন্তু এই বিয়া আইনীগতভাৱে সম্পন্ন হ’ব লাগিব।সেই সকলো আইনী প্ৰক্ৰিয়া জিলা দণ্ডাধীশৰ তদাৰকত হ’ব। ৫ জনতকৈ অধিক লোক যাতে জমা নহয় তাৰ প্ৰতিও দৃষ্টি ৰাখিবলৈ দিয়া হৈছে নিৰ্দেশ। গৃহ মন্ত্ৰাণলয়ে বান্ধি দিয়া এই নিয়ম অমান্য নকৰিবলৈ কঠোৰ নিৰ্দেশ দিয়া হৈছে। নিয়ম অমান্য কৰিলে হ’ব কঠোৰ শাস্তিৰ সন্মুখীন।

Photo Credit: specialevents.com