
বিশ্বত কৰ’ণা ভাইৰাছে আতংকৰ সৃষ্টি কৰিছে। ভাৰতবৰ্ষত ইতিমধ্যে ১৯৫গৰাকী লোক এই মহামাৰীত আক্ৰান্ত হৈছে। চাৰিগৰাকীৰ মৃত্যু হৈছে মহামাৰী কৰ’ণা ভাইৰাছত। বৰ্তমানলৈ অসমত এজনো লোক মহামাৰী কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা নাই। কিন্তু আজি বকোত কৰ’ণা আতংকই সকলোকে আতংকিত কৰি তুলিলে। বকোৰ শিংৰাৰ ৰৌমাৰীৰ নন্দেশ্বৰ ৰাভা নামৰ এজন যুৱকক কেন্দ্ৰ কৰি আতংকৰ সৃষ্টি হৈছে।
নন্দেশ্বৰ ৰাভাই বিগত দিন ধৰি চেন্নাইৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল। যুৱকজন কালি বকোৰ নিজৰ গৃহলৈ উভতি আহিছিল। কালিৰ পৰাই যুৱকজন কিছু পৰিমাণে অসুষ্ঠ হৈ পৰিছিল। অহৰহভাবে যুৱকজনে কাহি থকাত আজি পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজে বকো স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰায়।
চিকিৎসকৰ মতে, কৰ’ণা ভাইৰাছৰ লক্ষণসমূহ যদিও যুৱকজনৰ শৰীৰত ফুটি উঠা নাই তৎস্বতেও বহি:ৰাজ্যৰ পৰা অহা বাবে যুৱকজনক ১৪দিনৰ বাবে স্বাস্থ্যকৰ্মীৰ নজৰত ৰখা হ’ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।