কৰ’ণাতংকঃ স্বাস্থ্য বিভাগে মাৰি দিয়া ষ্টাম্প মোহাৰি পশ্চিমবংগৰ যুৱক ঘূৰি ফুৰিছে ডিব্ৰুগড়ত

যুৱকজনে ডিব্ৰুগড়ৰ লোহাৰপট্টীৰ এটা ভাড়াঘৰত লুকাই থকাৰ অভিযোগ

0
56

ডিব্ৰুগড়ত কৰ’ণা আতংক। ডিব্ৰুগড়ৰ লোহাৰ পট্টিত শুকুৰবাৰে দুপৰীয়া সৃষ্টি হয় তীব্ৰ আতংকৰ। পশ্চিমবংগৰ পৰা ২২ মাৰ্চৰ দিনা ডিব্ৰুগড়লৈ আহিছিল এজন যুৱক। যুৱকজনে ডিব্ৰুগড়ৰ লোহাৰপট্টীৰ এটা ভাড়াঘৰত লুকাই থকাৰ অভিযোগ উত্থাপিত হৈছে।

যুৱকজনৰ হাতত স্বাস্থ্য বিভাগে ষ্টাম্প মাৰি দিছিল যদিও যুৱকজনে ষ্টাম্প মোহাৰি অঞ্চলটোত ঘূৰা ফুৰা কৰিছিল।

পিছত স্থানীয় ৰাইজে স্বাস্থ্য বিভাগ আৰু আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত স্বাস্থ্য বিভাগৰ দল উপস্থিত হয় ১০৮ৰ সহায়ত যুৱকজনক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায়।

Photo: Time8