29 C
Guwahati
Friday, September 17, 2021
More

    কৰ’ণাৰ ভয়ংকৰ ৰূপঃ ২৪ ঘণ্টাৰ ভিতৰত মহিলাৰ হাওঁফাও বিকল

    কৰ’ণাৰ ভয়ংকৰ ৰূপঃ ২৪ ঘণ্টাৰ ভিতৰত মহিলাৰ হাওঁফাও বিকল

    দেশজুৰি কৰ’ণাৰ তাণ্ডৱ। কৰ’ণাৰ ত্ৰাসত ত্ৰাসিত হৈছে দেশবাসী।

    ৰাজস্থানৰ কোটাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ২৪ ঘণ্টাৰ ভিতৰত কৰ’ণাত আক্ৰান্ত হোৱাৰ মহিলাৰ হাঁওফাও হ’ল বিকল।

    এগৰাকী ৩২ বছৰীয়া মহিলাই ৯ তাৰিখে এক্স ৰে কৰাইছিল । সেই ৰিপৰ্ট অনুসাৰে মহিলাগৰাকী সম্পূৰ্ণ সুস্থ আছিল। ইয়াৰ পিছতে মহিলগৰাকীয়ে ১২ তাৰিখে উশাহ লব নোৱাৰে। আনকি মহিলাগৰাকীয়ে থিয় হব পৰা নাছিল।

    মহিলাগৰাকীৰ স্বাস-প্ৰস্বাস পৰীক্ষা কৰাওঁতে মহিলাগৰাকীৰ শৰীৰত অক্সিজেনৰ পৰিমান কমি থকা বুলি প্ৰকাশ কৰে। ১৩ তাৰিখে মহিলাগৰাকীয়ে পুনৰ চিটি স্কেন কৰোৱাত মনিহাগৰাকীৰ দুয়োটা হাওঁফাও ৮০ শতাংশ বিকল হৈ যায় বুলি ধৰা পৰে।

    ইয়াৰ পিছতে চিকিৎসকে জানিবলৈ দিয়া অনুসৰি কৰ’ণাৰ নতুন স্ট্ৰেইনৰ কাৰণে মহিলাগৰাকীৰ হাওঁফাও বিকল হয়। কৰ’ণাৰ এই নতুন স্ট্ৰেইন দেশজুৰি দ্ৰুতগতিত সংক্ৰমিত হৈছে। এই ৰোগে ৰোগীৰ হাওঁফাওত আক্ৰমণ কৰি হাঁওফাও বিকল কৰে।

    আৰু পঢ়ক : চিৰাঙত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী! গ্ৰেপ্তাৰ লিংকমেন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং