কৰ’ণা আতংকঃ মক্কাত প্ৰৱাসী অসমীয়াৰ আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা

যি সময়ত কাবা শ্বৰিফত বিভিন্ন দেশৰ হাজাৰ হাজাৰ ওমৰাহ হজযাত্ৰী একেলগ হৈ ৭ টাকৈ পাক মাৰি তৌৱাফৰ কাম সম্পন্ন কৰে ঠিক সেই সময়তে কাবা শ্বৰিফৰ চৌপাশ জনশূন্য হৈ পৰাত বিশেষ তাৎপৰ্য বহন কৰা পৰিলক্ষিত হৈছে

0
41

মক্কাত অসম আল-আমিনা ট্যুৰচ এণ্ড ট্ৰেভেলছৰ উদ্যোগত কোৰাণ তেলায়ত। সমগ্ৰ বিশ্বত দেখা দিয়া কৰ’ণা ভাইৰাছৰ পৰা উদ্ধাৰ পোৱাৰ কামনাৰে প্ৰৱাসী অসমীয়াই সুদূৰ মক্কাৰ মাটিত আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰে।

কৰ’ণা ভাইৰাছৰ আতংকত মক্কা মদিনাৰ ৰাজপথ, দোকান পোহাৰ, হোটেল, ৰেষ্টুৰেন্ট আদি জনশূন্য হৈ পৰিছে। এইক্ষেত্ৰত কাবা শ্বৰিফত তৌৱাফ প্ৰক্ৰিয়া এক প্ৰকাৰ বন্ধ হোৱাৰ উপক্ৰম হৈ পৰিছে। ছৌদি চৰকাৰে ওমৰাহ হজযাত্ৰীৰ প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰাৰ পিছত এনে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে।

যি সময়ত কাবা শ্বৰিফত বিভিন্ন দেশৰ হাজাৰ হাজাৰ ওমৰাহ হজযাত্ৰী একেলগ হৈ ৭ টাকৈ পাক মাৰি তৌৱাফৰ কাম সম্পন্ন কৰে ঠিক সেই সময়তে কাবা শ্বৰিফৰ চৌপাশ জনশূন্য হৈ পৰাত বিশেষ তাৎপৰ্য বহন কৰা পৰিলক্ষিত হৈছে। এইক্ষেত্ৰত আল আমিনা ট্যুৰচ এণ্ড ট্ৰেভেলছৰ অধ্যক্ষ আলহাজ আব্দুল হাইয়ে বিশ্ববাসীৰ বাবে শান্তি কামনা কৰিছে।

অৱশ্যে মক্কাৰ ৰাজপথত আবাবিল পখী সঘনাই উৰি এক সৌন্দৰ্যময় পৰিবেশৰ সৃষ্টি কৰিছে।

Photo & Video: Time8