ডিঙিত অসমৰ স্বাভিমান গামোচা লৈ বন্তি প্ৰজ্বলন মোদীৰ; দেখি আৱেগিক অসমীয়া

ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে মোদীৰ বন্তি প্ৰজ্বলনৰ ফটো

0
108

কৰ’ণা ভাইৰাছে নমাই অনা কালনিশা আঁতৰাই দেশলৈ পোহৰ আনিবলৈ সমগ্ৰ ভাৰতবাসীয়ে জ্বলালে বন্তি।৫ এপ্ৰিল দেওবাৰে নিশা ৯ বজাত ৯ মিনিটৰ বাবে সমগ্ৰ ভাৰত উজ্বলি উঠে পোহৰৰ জোৱাৰত। সমগ্ৰ দেশৰ লোকেই ৯ বজাৰ লগে লগেই ঘৰৰ লাইট নুমুৱাই চাকি-বন্তি বা মমবাতি জ্বলোৱা পৰিলক্ষিত হয়।বহুলোকে ম’বাইল ফোনৰ ফ্লেশ্বলাইট অন কৰিও জনালে পোহৰৰ আৱাহন। দৰাচলতে এয়া আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি দেশৰ জনসাধাৰণৰ ব্যাপক সঁহাৰি।

দেশলৈ শান্তি ঘূৰাই অনাৰ পণ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও জ্বলালে এগছি বন্তি। ডিঙিত অসমৰ স্বাভিমান গামোচাখন লৈ আৰু আৰু ধূতি-কুৰ্টা পৰিধান কৰি বন্তি প্ৰজ্বলন কৰে দেশৰ প্ৰধানমন্ত্ৰীজনে। মোদীৰ ডিঙিত গামোচাখন দেখি আৱেগত উথলি উঠে প্ৰতিজন অসমীয়া। মোদীয়ে প্ৰতিটো সৎ কৰ্মত সদায়ে গামোচাখনক প্ৰাধান্য দি আহিছে আৰু এইবাৰো ইয়াৰ ব্যতিক্ৰম নহ’ল।

ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে মোদীৰ বন্তি প্ৰজ্বলনৰ ফটো। নৰেন্দ্ৰ মোদীয়ে ভাৰতবাসীক ধন্যবাদ জ্ঞাপন কৰি কয়-”আজি সমগ্ৰ বিশ্বই কৰ’ণাৰ বিৰুদ্ধে ভাৰতৰ ১৩০ কোটি নাগৰিকে অব্যাহত ৰখা সংগ্ৰামৰ শলাগ লৈছে। জনতা কাৰ্ফিউৰ পৰা আৰম্ভ কৰি ল’কডাউন, বন্তি প্ৰজ্বলনলৈকে ভাৰতৰ জনসাধাৰণে কৰ’ণাক পৰাস্ত কৰিবলৈ কৰা একত্ৰিত সংগ্ৰাম সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিছে আৰু ভাৰতবাসীৰ শলাগ লৈছে।”