দেশত কৰ’ণাৰ হাহাকাৰ, ২৪ ঘণ্টাত ১ লাখ ২৬ হাজাৰৰো অধিক আক্ৰান্ত, ৬৮৫ গৰাকীৰ মৃত্যু
দেশত কৰ’ণা সংক্ৰমণে অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত নতুনকৈ ১ লাখ ২৬ হাজাৰৰো অধিক লোক কৰ’ণাত আক্ৰান্ত হৈছে।
কৰ’ণা সংক্ৰমণৰ পিছত দেশত প্ৰথমবাৰৰ বাবে ইমান সংখ্যক লোক এই ভাইৰাছবিধৰ কৱলত পৰিছে।
আনহাতে যোৱা ২৪ ঘণ্টাত কৰ’ণাৰ ফলত মৃত্যুবৰণ কৰিছে ৬৮৫ গৰাকী লোকে। দেশত মুঠ মৃত্যুৰ সংখ্যা ১,৬৬,৮৬২ অতিক্ৰম কৰিলে।
দেশত মুঠ কৰ’ণা আক্ৰান্তৰ সংখ্যা ১,২৯,২৮,৫৭৪ গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ১,১৮,৫১,৩৯৩ গৰাকী সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰিছে।
বৰ্তমান দেশত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৯,১০,৩১৯ গৰাকী। অৱশ্যে যোৱা ২৪ ঘণ্টাত ৫৯,২৫৮ গৰাকী লোক সুস্থ হৈও উঠিছে।
আই চি এম আৰে জনোৱা অনুসৰি বুধবাৰলৈকে ভাৰতত মুঠ ২৫,২৬,৭৭,৩৭৯ গৰাকী লোকক কৰ’ণাৰ টেষ্ট কৰা হৈছে।
আৰু পঢ়ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’লে কৰ’ণা ভেকচিনৰ দ্বিতীয়টো ড’জ