
বিশ্বৰ অন্য দেশসমূহৰ দৰে ভাৰততো কৰ’ণা ভাইৰাছৰ প্ৰকোপ বৃদ্ধি পাবলৈ ধৰিছে। ভাৰতত ধাৰাবাহিকভাৱে কৰ’ণা ভাইৰাছত আক্ৰান্তৰ ঘটনা বৃদ্ধি পাই গৈ আছে, ইয়াৰ বাবে চৰকাৰে এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৭০তকৈও অধিক হৈছে। কৰ’ণাৰ বাবে চৰকাৰে ১৫ এপ্ৰিললৈ বিদেশীসকলৰ ভিজা স্থগিত কৰিছে। ইয়াৰ প্ৰভাৱ ইণ্ডিয়ান প্ৰিমিয়াৰ লিগটো(IPL)টো পৰিব, কাৰণ বিদেশী খেলুৱৈসকল ভিজা স্থগিত ৰখাৰ বাবে ভাৰতলৈ আহিব নোৱাৰিব। কৰ’ণা ভাইৰাছ সন্দৰ্ভত দিল্লীত উপ-ৰাজ্যপাল অনিল বেজল আৰু মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল সচিবালয়ত বৈঠকত বহিব।
ভাৰতত কৰ’ণা ভাইৰাছৰ আক্ৰান্তৰ সংখ্যা ৭৩লৈ বৃদ্ধি। বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে লোকসভাত ইয়াৰ বিষয়ে জনালে। কেন্দ্ৰ চৰকাৰে প্ৰতিখন ৰাজ্য চৰকাৰৰ সৈতে সংস্পৰ্শত আছে আৰু প্ৰতিদিনে ডিটেল ৰিপ’ৰ্ট প্ৰকাশ কৰি আছে। ইয়াৰোপৰি ভাৰত চৰকাৰৰ ফালৰ পৰা বিদেশৰ পৰা ভাৰতীয়সকলক আনিবলৈ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ডাঃ হৰ্ষবৰ্ধনে ক’লে যে চৰকাৰৰ তৰফৰ পৰা ৩০-৪০ হাজাৰ লোকৰ ওপৰত দৃষ্টি ৰাখিছে। আৰম্ভণিতে যেতিয়া কেৰালাত কৰ’ণাৰ ৩ ঘটনা পোহৰলৈ আহে, তেতিয়াৰে পৰা আমি ৰাজ্য চৰকাৰৰ সৈতে সংস্পৰ্শত আছো।
স্বাস্থ্য মন্ত্ৰালয়ৰ অনুসৰি ভাৰতত বৰ্তমানলৈ কৰ’ণা ভাইৰাছৰ ৭৩টা ঘটনা পোহৰলৈ আহিছে

ডাঃ হৰ্ষবৰ্ধনে ক’লে যে কৰ’ণা ভাইৰাছৰ টেষ্ট যিকোনো সাধাৰণ লেবত কৰিব পৰা নাযায়, ইয়াৰ বাবে দেশৰ কেইবাটাও প্ৰান্তত ৫১টা লেব নিৰ্মাণ কৰা হৈছে। ইয়াৰোপৰি ৫৬টা স্থানত কালেকচন চেণ্টাৰ আছে। চৰকাৰে এটা সম্পূৰ্ণ লেব আৰু বৈজ্ঞানিকক ইৰাণলৈ প্ৰেৰণ কৰিছে।
চীনৰ পৰা আমি ৬৪৫ গৰাকী লোকক উভতাই আনিছো, ৭ মালদ্বীপৰ লোককো উভতাই আনে। জাপানৰ জাহাজৰ পৰা বহু লোকক উভতাই আনে, ইৰাণৰ পৰা উভতাই নে বহুকেইবাগৰাকী লোকক।
Photo credit: PTI