কৰ’নাৰ প্ৰভাৱঃ তিনিকেজি ব্ৰইলাৰ মাত্ৰ ৫০ বা ১০০ টকাত

কম দামত পোৱাত ব্ৰইলাৰ মুৰ্গীৰ দোকানত গ্ৰাহকৰ ভিৰ দেখা গৈছে। দুখীয়া আৰু সজাগতাৰ অভাৱ থকা মানুহে এই ভিৰ কৰিছে বুলি ৰাইজে সংবাদ মাধ্যমক জনায়

0
457

ক’ৰণা ভাইৰাছে আক্ৰান্ত কৰাৰ আতংকত বহু লোকে খাবলৈ এৰিছে ব্ৰইলাৰ মুৰ্গী। এই ক্ষেত্ৰত দুখীয়া মানুহে হেঁপাহ পলুৱাই এসাঁজ খাবলৈ সুযোগ পাই হেতাওপৰা লগাইছে কলগাছিয়া বজাৰৰ ব্ৰইলাৰ মুৰ্গীৰ দোকানত। কৰ’ণা ভাইৰাছৰ বাতৰি বিয়পি নপৰাৰ আগত প্ৰতি কিলোগ্ৰাম ব্ৰইলাৰ মুৰ্গীৰ দাম আছিল ১০০ টকাৰ পৰা ১২০ টকাৰ ভিতৰত।

বৰ্তমান সেই একেই ব্ৰইলাৰ মুৰ্গীৰ দাম তিনি কেজি হ’লেও গোট হিচাপত এশ টকা নাইবা পঞ্চাশ টকা কেজি। কম দামত পোৱাত ব্ৰইলাৰ মুৰ্গীৰ দোকানত গ্ৰাহকৰ ভিৰ দেখা গৈছে। দুখীয়া আৰু সজাগতাৰ অভাৱ থকা মানুহে এই ভিৰ কৰিছে বুলি ৰাইজে সংবাদ মাধ্যমক জনায়।

অৱশ্যে ব্ৰইলাৰ মুৰ্গী খাবলৈ চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ নিষেধাজ্ঞা বৰ্তমান পৰ্যন্ত জাৰি কৰা নাই। ব্ৰইলাৰ মুৰ্গীৰ মাংস খালে কৰ’ণা ভাইৰাছে আক্ৰান্ত কৰিব বুলি ওলোৱা এই অপ-প্ৰচাৰৰ বাবে ব্ৰইলাৰ মুৰ্গীৰ ব্যবসায়ৰ লগত জড়িত প্ৰতিগৰাকী ব্যবসায়ী যথেষ্ট লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে।