
কৰ’ণা ভাইৰাছৰ আতংকত ভুগিছে সমগ্ৰ বিশ্ববাসী। দিনক দিনে ভাৰতত বৃদ্ধি কৰ’ণাত আক্ৰান্তৰ সংখ্যা। মৃতকৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে। কৰ’ণা ভাইৰাছৰ বাবে অসম চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে।
অসমৰ জেলৰ পৰা ৭২২ কয়দীক মুকলি কৰি দিয়া হৈছে। গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ৭৩জন কয়দীক মুকলি কৰা হৈছে। কৰণা ভাইৰাছৰ সংকটৰ বাবেই জামিনত মুকলি কৰি দিয়া হৈছে কয়দীসকলক। শিলচৰ আৰু নলবাৰী কাৰাগাৰৰ পৰাও কয়দী মুকলি কৰি দিয়া হৈছে জামিনত।
ঠাহ খাই থকা জেলসমূহত ভিৰ কমাইছে প্ৰশাসনে। অসমত ন্যায়াধীশ কোটেশ্বৰ সিঙৰ নেতৃত্বত উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰা হৈছে। কমিটীয়ে বিবেচনা কৰি ৭ বছৰৰ তলত কাৰাবাস খটা কয়দীক মুকলিৰ নিৰ্দেশ প্ৰদান কৰিছে। পি আৰ বণ্ডত মুকলিৰ ব্যৱস্থা কৰা হৈছে। দিল্লীৰ তিহাৰ জেলৰ পৰা এইপৰ্যন্ত মুকলি কৰা হৈছে ৪১৯জন কয়দীক। ইয়াৰে ৩৫৬জনৰ ৪৫জনক অন্তৱৰ্তীকালীন জামিন আৰু ৬৩জনক দিয়া হৈছে ৮ সপ্তাহৰ ইমাৰ্জেঞ্চী পেৰল।
Photo credit: scroll.in