ভয়াবহ পৰিস্থিতি আমেৰিকাত, ২ লাখৰ ওচৰা ওচৰি আক্ৰান্তৰ সংখ্যা

চীনক চেৰ পেলাই মৃত্যুৰ সংখ্যা হৈছেগৈ ৩৮৯৬জন

0
37

পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে আমেৰিকাত। আমেৰিকাত কৰ’ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে ১,৮৮,৭১৩জনলৈ। লগতে চীনক চেৰ পেলাই মৃত্যুৰ সংখ্যা হৈছেগৈ ৩৮৯৬জন। আনহাতে ইটালীত মৃত্যুৰ সংখ্যা হৈছেগৈ ১২,৪২৮জন, আৰু আক্ৰান্তৰ সংখ্যা ১,০৫,৭৯২জন।

মহামাৰী কৰ’ণাই সংহাৰী ৰূপধাৰণ কৰা ইটালীৰ পিছতে আছে স্পেইন। স্পেইনত মৃত্যুৰ সংখ্যা হৈছেগৈ বৰ্তমানলৈ ৮,৪৬৪জন। লগতে আক্ৰান্তৰ সংখ্যা ৯৫,৯২৩জন।

আনহাতে আমেৰিকাবাসীলৈ ডোনাল্ড ট্ৰাম্পৰ সাৱধানবাণী। অহা দুটা সপ্তাহ আমেৰিকাৰ বাবে হ’ব পাৰে ভয়ংকৰ সপ্তাহ। কৰ’ণাই অহা দুটা সপ্তাহত প্ৰাণ কাঢ়ি নিব পাৰে ২,৪০,০০০ হাজাৰ লোকৰ।

হোৱাইট হাউছত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকত এই ঘোষণা ট্ৰাম্পৰ। অহা দুটা সপ্তাহ আমেৰিকাৰ বাবে ভয়ানক হ’ব পাৰে বৈঠকত ক’লে ট্ৰাম্পে। আহিবলগীয়া কঠিন ক্ষণৰ বাবে আমেৰিকাবাসীক সাজু হৈ থাকিবলৈ আহ্বান। হোৱাইট হাউছত প্ৰদৰ্শন কৰা হয় এক বিশেষ মডেল ড্ৰাফট। এই মডেল ড্ৰাফটত দেখুওৱা হয় ভয়ংকৰ তথ্য।

Photo Credit: Al Jazeera