
চীনত সন্ত্ৰাস সৃষ্টিকাৰী মহামাৰী কৰ’ণা ভাইৰাছ এইবাৰ অসমত! গুৱাহাটী মেডিকেল হস্পিতালত ভৰ্তি এগৰাকী ছাত্ৰী। কৰ’ণাত সংক্ৰমণ হোৱাৰ আশংকা। কৰ’ণা ভাইৰাছ সংক্ৰমণৰ সন্দেহত ছাত্ৰীগৰাকীক বৰ্তমানে GMCHৰ আইছ’লেচন ৱাৰ্ডত নিৰীক্ষণত ৰখা হৈছে। চীনত চিকিৎসা বিজ্ঞানৰ অধ্যয়ন কৰি থকা ছাত্ৰীগৰাকী ৬ ফেব্ৰুৱাৰীতে ভাৰতলৈ উভতি আহিছিল। বৃহস্পতিবাৰে ২৭ বৰ্ষীয় এই ছাত্ৰীগৰাকী উপস্থিত হয় গুৱাহাটীত।
চীনৰ পৰা গুৱাহাটী আহি পোৱাৰ পিছতেই ছাত্ৰীগৰাকীক গুৱাহাটী বিমান বন্দৰত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছত GMCHলৈ অনা হয়। এইপৰ্যন্ত ছাত্ৰীগৰাকীৰ শৰীৰত কৰ’ণা ভাইৰাছ উপস্থিতি ধৰা পৰা নাই। ইতিমধ্যে তেজৰ নমুনা সংগ্ৰহ কৰি পুনেৰ নেছনেল ইনষ্টিটিউত অৱ ভিৰ’লজীলৈ প্ৰেৰণ কৰা হৈছে। বৰ্তমান ছাত্ৰীগৰাকী অহৰহ চিকিৎসকৰ নিৰীক্ষণত আছে।
Photo: mercurynews