কৰ’ণাতংকঃ ভাৰতত এইপৰ্যন্ত ২১জনৰ মৃত্যু, ৯৩৫গৰাকী লোক আক্ৰান্ত

৮খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে মুকলি হেল্পলাইন নম্বৰ। কৰ'ণা সম্বন্ধীয় সকলো সহায়ৰ বাবে ফোন কৰিব পাৰিব জনতাই। অসমৰ বাবে অতিৰিক্ত হেল্পলাইন নম্বৰ - 6913347770/104

0
39

বৃদ্ধি হৈ গৈয়ে আছে কৰ’ণা ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যা। ভাৰতত এইপৰ্যন্ত ২১জনৰ মৃত্যু কৰ’ণা ভাইৰাছত। ইফালে ৯৩৫গৰাকী লোক কৰ’ণাত আক্ৰান্ত। একেদিনাই ১৪৯গৰাকী লোক কৰ’ণাত আক্ৰান্ত হৈছে ভাৰতত। ইয়াৰ বিপৰীতে সুস্থ হৈ উঠিছে ৮৪জন লোক। দেশৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক লোক কৰ’ণাত আক্ৰান্ত হৈছে।

মহাৰাষ্ট্ৰত ১৭৭জনকৈ লোক আক্ৰান্ত হৈছে কৰ’ণা ভাইৰাছত। কেৰালাত ১৬৫জন, কৰ্ণাটকত ৫৫জন, ৰাজস্থানত ৪৬জন, গুজৰাটত ৪৪জন, উত্তৰ প্ৰদেশত ৪০জন, তেলেংগানাত ৩৮জন, পঞ্জাৱত ৩৮জন, দিল্লীত ৩৮জন, তামিলনাডুত ৩২জন, মধ্য প্ৰদেশত ৩০জন, পশ্চিমবংগত ১৫জন, হাৰিয়ানাত ১৯জন, লাডাখত ১৩জন, জম্মু-কাশ্মীৰত ১৮জন, অন্ধ্ৰ প্ৰদেশত ১৪জন, বিহাৰত ৯জন, চণ্ডীগড়ত ৭জন, ছত্তীশগড়ত ৬জন, গোৱাত ৩জন, হিমাচল প্ৰদেশত ৩জন, ওড়িশাত ৩জন, উত্তৰাখণ্ডত ৪জন, পুডুচেৰীত ১জন, মিজোৰামত ১জন, মণিপুৰত ১জন আৰু আন্দামান নিকোবৰত দুজনকৈ লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে।

কৰ’ণা সম্বন্ধীয় সকলোধৰণৰ সহায়ৰ বাবে হেল্পলাইন নম্বৰ মুকলি। +91-11-23978046 নম্বৰত কৰিব পাৰিব ফোন। ইয়াৰোপৰি প্ৰতিখন ৰাজ্যই মুকলি কৰিছে নিজৰ হেল্পলাইন নম্বৰ।

কৰ’ণা প্ৰতিৰোধৰ বাবে অতিৰিক্ত হেল্পলাইন নম্বৰ মুকলি। ২৮খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে মুকলি হেল্পলাইন নম্বৰ। কৰ’ণা সম্বন্ধীয় সকলো সহায়ৰ বাবে ফোন কৰিব পাৰিব জনতাই। অসমৰ বাবে অতিৰিক্ত হেল্পলাইন নম্বৰ – 6913347770/104 ।

Photo credit: navbharattimes.indiatimes.com