
লকডাউনৰ পিছতো ৰোধ কৰিব পৰা নাই কৰ’ণা ভাইৰাছ সংক্ৰমণৰ সংখ্যা৷ দিনে দিনে প্ৰতিটো মুহুৰ্তই বৃদ্ধি পাই গৈ আছে এই মহামাৰীত আক্ৰান্ত হোৱা লোকৰ সংখ্যা৷ ভাৰতত মৃত্যুৰ সংখ্যাও বৃদ্ধি পাই গৈ আছে৷ ১৬ৰ ঘৰ চুলে সংহাৰী ৰূপ লোৱা এই ভাইৰাছে৷ বৰ্তমানে বিশ্বত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৪,৭৮,৩৪১ গৰাকী৷ লগতে ভাৰতত এই সংখ্যা বৃদ্ধি পাইছে ৭০৭ গৰাকীলৈ৷
বিশ্বত মহামাৰীৰ ৰূূপ লোৱা এই কৰ’ণাৰ বাবে সমগ্ৰ বিশ্বজুৰি মৃত্যু হৈছে ২১,৫২৮ লোকৰ৷ আজি ২৬ মাৰ্চ ২০২০ত কৰ্নাটকত মৃত্যু হোৱা মহিলাগৰাকীৰ বয়স ৭০ বছৰ৷ চৌদি আৰবৰ পৰা ভাৰতৰ নিজা বাসগৃহলৈ আহিছিল মহিলাগৰাকী৷
Photo Credit: