31 C
Guwahati
Thursday, September 29, 2022
More

    ৮ মাহ ধৰি চলি থকা এখন ভুৱা থানা উৎখাত, গ্ৰেপ্তাৰ কেইবাগৰাকীও নকল আৰক্ষী বিষয়া, কনিষ্টবল

    বুধবাৰে পুৱা বিহাৰৰ বাংকা চহৰৰ অনুৰাগ গেষ্ট হাউচত চলি থকা এখন ভুৱা থানা আৰক্ষীয়ে উৎখাত কৰা ঘটনাই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

    বিগত আঠমাহৰ পৰা এই থানাখনৰ জৰিয়তে স্থানীয় ৰাইজৰ পৰা ধন দাবীকে ধৰি বিভিন্ন অনৈতিক কাম-কাজ চলি আছিল।

    আশ্চৰ্যজনক কথা এইটোৱে যে বিগত আঠমাহ ধৰি চলি থকা ভুৱা থানাখনৰ সবিশেষ প্ৰশাসনে একো উম ঘামকেই পোৱা নাছিল।

    অভিযান কালত আৰক্ষী বিষয়াৰ বেশত এজন পুৰুষ আৰু এগৰাকী মহিলাক আটক কৰে আৰক্ষীয়ে।

    আৰক্ষী বিষয়াৰ ৰূপত সাধাৰণ জনতাক ঠগি অহা অনিতা দেবী নামৰ মহিলাগৰাকীৰ পৰা এটা পিষ্টলো জব্দ কৰে।

    ইফালে এই ভুৱা আৰক্ষী থানাত কেৰাণী হিচাপে কাম কৰি থকা চুলতানগঞ্জৰ খানপুৰৰ বাসিন্দা জুলি কুমাৰী আৰু ফুল্লিডুমাৰৰ লোধিয়া গাঁৱৰ বাসিন্দা ৰমেশ কুমাৰকো গ্ৰেপ্তাৰ কৰা হৈছে।

    লগতে আন কেইবাখনো নথি-পত্ৰ আৰু আৰক্ষীৰ ইউনিফৰ্মৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছে ভগলপুৰ জিলাৰ খানপুৰৰ বাসিন্দা আকাশ কুমাৰক।  

    আৰক্ষীয়ে জেৰা কৰাৰ পাছত আটাইকেইজন অভিযুক্তই স্বীকাৰ কৰে যে তেওঁলোকে তেওঁলোকৰ জ্যেষ্ঠ বিষয়া ভোলা যাদৱৰ নিৰ্দেশ মানি চলি এই অনৈতিক কাম কৰি আহিছিল।

    মূল অভিযুক্ত ভোলা যাদৱ বৰ্তমান পলাতক অৱস্থাত আছে।

    অভিযুক্ত কেইজনে আৰক্ষীক জানিবলৈ দিয়া অনুসৰি তেওঁলোকে দৈনিক ৫০০ টকা মজুৰিত এই কাম কৰি আহিছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং