তেজপুৰত আৰক্ষী বিষয়াক দলবদ্ধ আক্ৰমণ, ভাঙি চুৰমাৰ কৰিলে আৰক্ষী বাহন

ৰাস্তাত অহেতুক আড্ডা মৰা যুৱকক প্ৰশ্ন কৰোতেই মাৰপিট

0
84

এইবাৰ তেজপুৰত চলিল কৰ’ণা যোদ্ধাৰ ওপৰত আক্ৰমণ। নিশা তেজপুৰ কুন্দাৰবাৰীত উত্তপ্ত পৰিস্থিতি। কৰ্তব্যৰত এগৰাকী আৰক্ষী বিষয়াক দলবদ্ধ আক্ৰমণ কৰি আহত কৰাৰ লগতে ভাঙি চুৰমাৰ কৰা হ’ল এখন আৰক্ষী বাহন। কাৰ্ফিও বলবৎ আৰু নিয়মিত তহলৰ বাবে কুন্দাৰবাৰীৰ দিশে ওলাই আহিছিল স্থানীয় বেবেজীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শৰৎ দাস আৰু এটা আৰক্ষীৰ দল।

আৰক্ষীৰ দলটোৱে কাৰ্ফিও উলংঘা কৰি প্ৰায় ৮/১০জনীয়া যুৱকৰ এটা দল ৰাস্তাত আড্ডা মাৰি থকাত কিয় বাহিৰলৈ এনেকৈ ওলাই আহিছে বুলি প্ৰশ্ন কৰাত যুৱকৰ দলটো আৰক্ষীৰ ওপৰত জপিয়াই পৰে। যাৰ ফলত কৰ’ণাৰ বিৰুদ্ধে যুঁজা আৰক্ষী যোদ্ধাৰ খাকি পোচ্ছাক তেজেৰে ৰাঙলী হৈ পৰিল।

গুৰুতৰভাৱে আহত হয় আৰক্ষী বিষয়া শৰৎ দাস। হাত-ভৰি আৰু মূৰত আঘাত পায় আৰক্ষী বিষয়া গৰাকীয়ে। পুৰুষ মহিলাৰ এটা দলে আক্ৰমণৰ লক্ষ্য কৰি লয় আৰক্ষী বিষয়া গৰাকীক। ইয়াৰ পিছতে শোণিতপুৰ আৰক্ষীৰ শীৰ্ষ বিষয়াৰ নেতৃত্বত এটা বৃহৎ আৰক্ষীৰ দলে গাঁওখনত অভিযান চলাই।

আত্মগোপন কৰি থকা যুৱকৰ দলটোৰ সন্ধানত ঘৰে অভিযান চলাই আৰক্ষীয়ে। উদ্যত হয় গুলি চালনা কৰিবলৈ। ঘৰৰ ভিতৰৰ পৰা টানি চোঁচৰাই আনি আটক কৰে মাধুৰ্য কোচ, কোনাল বিকাশ বৰুৱা আৰু নিহাল বিকাশ বৰুৱাক। বাকী সকল অভিযুক্তৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Photo credit: @hassinuralom