20 C
Guwahati
Saturday, December 4, 2021
More

    জাতিগত মন্তব্য কৰি গ্ৰেপ্তাৰ এইগৰাকী অভিনেত্ৰী, ৩ ঘণ্টা ধৰি জেৰাৰ অন্তত জামিন

    জাতিগত মন্তব্য কৰি গ্ৰেপ্তাৰ এইগৰাকী অভিনেত্ৰী, ৩ ঘণ্টা ধৰি জেৰাৰ অন্তত জামিন

    এটা ভিডিঅ যোগে এক বিতৰ্কিত মন্তব্য কৰিছিল এগৰাকী অভিনেত্ৰীয়ে। যি মন্তব্য থকা ভিডিঅ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে তোলপাৰ লাগি যায়।

    লগে লগে সেই বিশেষ সম্প্ৰদায়ৰ লোকে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে থানাত গোচৰ তৰে আৰু সেই গোচৰৰ ভিত্তিতেই গ্ৰেপ্তাৰ হয় অভিনেত্ৰী য়ুবিকা চৌধুৰী। য়ুবিকাৰ স্বামী প্ৰিন্স নৰুলাও এগৰাকী অভিনেতা আৰু ৰিয়েলিটি শ্বো ষ্টাৰ।

    অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰৰ পিছতে ৩ ঘণ্টা ধৰি একেলেথাৰীয়ে জেৰা চলাই। আৰু জেৰাৰ শেষত অন্তৰিম জামিনত এৰি দিয়ে অভিনেত্ৰী য়ুভিকা চৌধুৰীক।

    উল্লেখ্য যে, সামাজিক মাধ্য়মত য়ুভিকাৰ ভিডিঅ ভাইৰেল হোৱাৰ পিছতে টুইটাৰত #এৰেষ্ট য়ুভিকা ট্ৰেণ্ড হৈ পৰিছিল। যি ঘটনাৰ পিছতে আন এক ভিডিঅৰ জৰিয়কে ক্ষমাও বিচাৰিছিল অভিনেত্ৰীগৰাকীয়ে ।

    ক্ষমা বিচাৰে কৈছিল যে, যি সেই শব্দৰ বাবে ইমান হাহাকাৰৰ সৃষ্টি হৈছে, সেই শব্দৰ প্ৰকৃত অৰ্থ জনা নাছিল। সেয়েহে ইমান খিনি হবলৈ পাই। তেওঁৰ তেনে কোনো মানসিকতা নাছিল কোনো সম্পদায়ক দুখ দিয়া।

    আৰু পঢ়ক : ভাওনাক অপমান! মঞ্চত অসংযত আচৰণ, ছ’চিয়েল মিডিয়াত ভাইৰেলৰ পিছতেই সৰ্বত্ৰে সমালোচনা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং