15 C
Guwahati
Saturday, January 22, 2022
More

    পুনৰ বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাক কেন্দ্ৰীয় কাৰাগাৰত গ্ৰেপ্তাৰ

    গুৱাহাটীৰ ৰাজপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত কৰি ৰঙা ঘৰৰ আলহী হোৱা ৰাজকন্যা বৰুৱাক পুনৰ কেন্দ্ৰীয় কাৰাগাৰত গ্ৰেপ্তাৰ কৰা হৈছে।

    দিচপুৰ আৰক্ষীয়ে শুকুৰবাৰে কাৰাগাৰতে ‘শ্ব’ন এৰেষ্ট’ (ন্যায়িক জিম্মাত থকা অৱস্থাত আন এটা গোচৰত গ্ৰেপ্তাৰ) কৰে ৰাজকন্যা বৰুৱাক।

    উল্লেখ্য যে প্ৰথম গোচৰটোত লাভ কৰা জামিন বুধবাৰে নাকচ কৰিছিল সত্ৰ ন্যায়াধীশৰ আদালতে।

    দিচপুৰ থানাৰ ৩৬১৬/২০২১ নম্বৰৰ গোচৰটোত গ্ৰেপ্তাৰৰ পিছ দিনাই জামিন পাইছিল ৰাজকন্যাই।

    জামিনৰ পিছতে চৰকাৰী পক্ষই জামিন আবেদন নাকচৰ বাবে সত্ৰ ন্যায়াধীশৰ আদালতত আবেদন জনাইছিল।

    সেই আবেদনৰ শুনানী গ্ৰহণ কৰি বুধবাৰে ৰাজকন্যাৰ জামিন নাকচ কৰে৷ আৰু এই জামিন নাকচৰ পিছতে শুকুৰবাৰে পুনৰ গ্ৰেপ্তাৰ কৰা হয় ৰাজকন্যা বৰুৱাক।

    গ্ৰেপ্তাৰ কৰি আজি চি জে এম আদালতত হাজিৰ কৰোৱা হয় ৰাজকন্যা বৰুৱাক।

    উল্লেখ্য যে যোৱা ২ অক্টোবৰৰ নিশা সুৰাসক্ত মডেল ৰাজকন্যা বৰুৱাই ৰুক্মিণী গাঁৱৰ ৰাজপথত কাম কৰি থকা লোক নিৰ্মাণ বিভাগৰ ৯ জনকৈ শ্ৰমিকক গাড়ীৰে মহটিয়াই নিছিল।

    এই দুৰ্ঘটনাত ৮ জন শ্ৰমিক গুৰুতৰভাৱে আহত হোৱাৰ লগতে দুয়োখন ভৰি হেৰুওৱা দুৰ্ভগীয়া শ্ৰমিক যোছেফ মাৰাকে যোৱা ১০ নৱেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে।

    আৰু পঢ়ক : আশ্ৰয়ৰ বাবে হাহাকাৰ কৰা সেউজীয়া চকুৰ সেই ছোৱালীজনীক ইটালীৰ আশ্ৰয়, মাজতে পাকিস্তানে গ্ৰেপ্তাৰ কৰিছিল

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং